নিউজ ডেস্ক:
আয় বৰ্হিভূত সম্পত্তি আহৰণৰ গুৰুতৰ অপৰাধত কাৰাবন্দী হৈ থকা নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে আজি অভিযোগনামা দাখিল।মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই বিষয়া গৰাকীৰ বিৰুদ্ধে আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে।উল্লেখ্য যে ৫৭দিনৰ ভিতৰত আলিৰ বিৰুদ্ধে তদন্তৰ অন্তত দাখিল অভিযোগনামা।অৱশ্যে অভিযোগ নামা দাখিল কৰিলেও তদন্ত চলি থাকিব অতিৰিক্ত তথ্যৰ বাবে -এই কথা জনালে চিএম ভিজিলেঞ্চৰ এছ পি ৰ'জী কলিতাই।
অভিযোগনামাত ডিআইজি আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নাম উল্লেখ আছে।অধিকাংশ সম্পত্তি পত্নীৰ নামত থকাৰ তথ্য তদন্তত লাভ কৰা বুলি জানিব দিয়ে এছপিয়ে।
ফৰিদ আলিৰ নাম অভিযোগনামাত সন্নিৱিষ্ট আছে এই কথা কলিতাই কয়।
অভিযোগনামাত আৰক্ষী বিষয়া গৰাকী আয় বৰ্হিভূত সম্পত্তি ২১০ শতাংশ বুলি উল্লেখ আছে।যাৰ মূল্য ৪কোটি ৯০হাজাৰ ৫৯৭টকা।
উল্লেখ্য যে, গৃহবিভাগৰ অনুমতি অবিহনেই ২০১১চনৰ পৰা বহুবাৰ বিদেশ ভ্ৰমণ কৰাৰ বাবেই চলিত বৰ্ষ জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰিছিল।পৰৱৰ্তী পৰ্যায়ত আয় বৰ্হিভূত সম্পত্তি আহৰণৰ গুৰুতৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই ৫অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল।
চিএম ভিজিলেঞ্চ আই.অ হিতেশ্বৰ ঠাকুৰীয়া আৰু এছ আই টি টিমে তদন্ত কৰিছিল আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে।অভিযোগনামা যথেষ্ট তথ্য-সমৃদ্ধ হোৱা বুলিও উল্লেখ কৰে এছপি কলিতাই।
- Log in to post comments
- 14 views