নিউজ ডেস্ক:
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক-বিক্ৰেতা সন্থাৰ উদ্যোগত ২৯ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অসম গ্ৰন্থমেলা।৯জানুৱাৰীলৈ চান্দমাৰী অসম অভিযান্ত্ৰিক খেল পথাৰত অনুষ্ঠিত হ'ব গ্ৰন্থমেলাখন ।উল্লেখ্য যে ক'ৰনা পৰিস্থিতি বাবে যৌথভাৱে অনুষ্ঠিত কৰিব এইবাৰ গ্ৰন্থমেলা।যৌথ সংবাদমেলত এই কথা ঘোষণা কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্তই।
গুৰুত্বপূৰ্ণ কথা এই যে পূৰ্বতে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই নিজাকৈ অনুষ্ঠিত কৰিছিল উত্তৰ- পূব গ্ৰন্থমেলা।একেদৰে প্ৰকাশন পৰিষদে গুৱাহাটী গ্ৰন্থমেলা আয়োজন কৰি আহিছিল।কিন্তু এইবাৰ ক'ৰনা মহামাৰীৰ বাবে যৌথ ভাৱে অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰিব।প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত এই কথা প্ৰকাশ মহন্তৰ।
যৌথ সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, পুথি প্ৰকাশক বিক্রেতা সন্থাৰ সভাপতি আহমেদে কয়- যৌথ আলোচনা মৰ্মে একেলগে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।গ্ৰন্থমেলাৰ প্ৰৱেশ মাচুল থাকিব।অৱশ্যে ছাত্ৰ ছাত্ৰী বাবে বিনামূলীয়া হ'ব।
আনহাতে, পৰিষদ সচিব কলিতাই সাংবাদিকৰ এক প্রশ্ন উত্তৰত কয়- বাংলাদেশৰ প্ৰায় ৯টাকৈ প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব অসম গ্ৰন্থমেলাত।
- Log in to post comments
- 17 views