অনিমেষ হত্যাকাণ্ডৰ ১২অভিযুক্তৰ ৭টাক ৫দিনৰ আৰক্ষীৰ জিম্মালৈ, ৫অভিযুক্তক ন্যায়িক জিম্মালৈ

A

নিউজ ডেস্ক:

আছু নেতা অনিমেষ ভূঞাৰ হত্যাত অভিযুক্ত ১২অভিযুক্তক যোৰহাট মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ।ঘটনাৰ মাষ্টাৰ মাইণ্ড ক'লা লৰাখ্যাত নীৰজ দাসক মঙলবাৰে হাজিৰ আদালতত হাজিৰ কৰোৱা নহল যদিও যোৱানিশা আৰক্ষীৰ গাড়ীৰ খুন্দাত নিৰজৰ মৃত্যু হয় ।কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অভিযুক্তক আৰক্ষীয়ে আদালতত হাজিৰ কৰে।কিন্তু আৰক্ষীৰ বেষ্টনী ভাঙি একাংশ ক্ষোভিত জনতাই আদালতৰ চৌহদতে লপা-থপা দিয়ে অভিযুক্তসকলক।উল্লেখ্য যে ,আদালতে ৭অভিযুক্তক আৰক্ষীৰ পাঁচ দিনৰ জিম্মাত প্ৰেৰণ কৰাৰ বিপৰীতে ৫অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

ইফালে আদালতত দুৰ্ঘটনাগ্ৰস্ত বৃদ্ধ মোহন দাসে নিজে দুৰ্ঘটনা হোৱাৰ কথা স্বীকাৰ কৰে।দুৰ্ভগীয়া অনিমেষসহ দুই সতীৰ্থই তুলিহে ধৰিছিল।ধৃত মোহন দাসৰ ভুলৰ বাবেই বৰ্বৰ আক্ৰমণত অনিমেষে প্ৰাণ হেৰুৱাব লগা হৈছিল।

আনহাতে, ঘটনাত অভিযুক্ত আন সকল হৈছে-  সুভাষ বৰা(৩২), মন্টু দাস(২৯), অবিনাশ বৰা(২৩), বিক্ৰম দাস(২৮), সঞ্জু দাস(৩৬),  ৰাতুল দত্ত(৩৩), বিতুপন দাস(৩১),  দেৱ দাস(১৯), জিতেন দাস(২২), চিৰঞ্জীৱ দাস(২৪), সৰু লৰা দাস(১৯)।

Your Comments