১১দফীয়া দাবী পূৰণৰ দাবীত গুৱাহাটীত সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ

A

 

নিউজ ডেস্ক:

সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাই গুৱাহাটী মহানগৰীৰ বিৰুবাৰীৰ পইন্টত ১১দফীয়া দাবীত কালি সাব্যস্ত কৰে প্ৰতিবাদ।৫ শতাধিক নিৰ্মাণ শ্ৰমিকে হাতত প্লেকাৰ্ড আৰু ৰঙা পতাকা লৈ চৰকাৰ বিৰোধী শ্নোগানত উত্তাল কৰে পৰিৱেশ।

শ্ৰমিক সকলৰ দাবী ডিচেম্বৰৰ ভিতৰত সমাধান নহলে দিছপুৰত প্ৰতিবাদৰ হুংকাৰ দিয়ে সন্থাই।সন্থাৰ সাধাৰণ সম্পাদক ফণীধৰ দাসে কয় - দেশত থকা অন্যান্য শ্ৰম আইনসমূহৰ লগতে নিৰ্মাণ শ্ৰমিকসকলৰ আইনখন সন্নিবিষ্ট কৰি ৪টা কোডত ৰূপান্তৰ কৰিলে । যাৰ ফলত নিৰ্মাণ শ্ৰমিকসকলৰ নামত থকা কল্যাণ বোৰ্ডসমূহৰ স্বকীয়তা নাইকিয়া হৈ শ্ৰমিকসকল হাৰাশাস্তি খাব লাগিব।ইতিমধ্যে কাৰ্যালয়সমূহত আই কাৰ্ডকে ধৰি পে-বুক আদিৰ অভাৱ, মাহেকীয়া বৰঙণি বেংকত জমা লোৱাত হাৰাশাস্তি।গৃহ ঋণ দিয়াৰ কথা আছিল যদিও আৰম্ভ হোৱা নাই। সেয়েহে নিৰ্মাণ শ্ৰমিকৰ কল্যাণ বোৰ্ড ৰক্ষা কৰা, সকলো নিৰ্মাণ শ্ৰমিকক নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন কৰাৰ বাবে আচনি গ্ৰহণ কৰা, মাহেকীয়া বৰঙণি বেংকত জমা দিয়াত হাৰাশাস্তি বন্ধ কৰা, বকেয়া ধন অতিশীঘ্ৰে আদায় দিয়া, পঞ্জীয়ন কাৰ্যালয়ত পে-বুক , আই কাৰ্ড সহকাৰে নথি যোগান ধৰা, বোৰ্ডৰ সিন্ধান্ত অনুযায়ী লকডাউনৰ টকা আদায় দিয়াকে ধৰি মুঠ ১১টা দাবী পূৰণত সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীৰ পৰা শ্ৰম আয়ুক্তৰ জৰিয়তে শ্ৰম মন্ত্ৰীলৈ ১১ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে সন্থাই।

Your Comments