নিউজ ডেস্ক:
অমিমেষ ভূঞাৰ গোলাঘাটৰ বাস গৃহত উপস্থিত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী।'যোৰহাটৰ প্ৰতিনিধি হিচাপে সমগ্ৰ ঘটনাটোত মই লজ্জিত।আৰক্ষীৰ অধীক্ষকৰ ঘৰৰ পৰা ৪০০মিটাৰ আৰু থানা পৰাৰ ৩০০মিটাৰ আঁতৰত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱা বুলি' বিধায়ক গৰাকীয়ে কয়।
'আৰক্ষীক সদায় এটা কথা কওঁ।ৰাজনীতিবিদৰূপে বেয়া মানুহক প্ৰশ্ৰয় কেতিয়াও দিয়া নাই।বেয়া মানুহ সেইয়া লাগিলে মোৰ ভাই হলেও ভৰাই থব।যোৰহাট টাউনত যিকোনো ঘটনা সংঘটিত হলে এছ পিক নিজে যাবলৈ কওঁ।অশিক্ষিত মানুহৰ মাজত হোৱা হলে ঘটনাটো বেলেগ আছিল'- গোস্বামীয়ে কয়।
ইফালে সমগ্ৰ ঘটনাত আৰক্ষীৰ ভূমিকাৰ ওপৰত সন্দেহ প্ৰকাশ কৰি বিধায়ক গোস্বামীয়ে কয়- ঘটনা সংঘটিত সময়ত এগৰাকী আৰক্ষীয়ে ব্যক্তিসকলক টানি আছে।কিন্তু তেওঁৰ প্ৰথম দায়িত্ব আছিল অন্য আৰক্ষীক তৎকালীন খবৰ দিয়া।সন্দেহ হয় এই মানুহ বোৰৰো তাত হাত আছে নেকি!দস্যুবোৰক সুৰক্ষা দিয়াত!সেই অঞ্চলটো কিছুমান বেয়া মানুহৰ অঞ্চল।ট্ৰাক আস্থানটোত দালাল কিছুমান থাকে।ঠাইখিনি ভাল কৰা বাবে উপায়ুক্তৰ সৈতে কথা পাতিছোঁ ।তাত বহা আড্ডাবোৰ নাইকিয়া কৰিব লাগিব -গোস্বামীয়ে কয়।
আনহাতে, নিহত অনিমেষৰ পৰিয়ালৰ প্ৰতি যোৰহাটৰ প্ৰতিনিধি হিচাপে দায়িত্বত থকা বুলি উল্লেখ কৰি
গোস্বামীয়ে কয়- শাস্তি প্ৰদানত আইনৰ যাতে কোনো সুৰুঙা থাকি নাযায় তাৰ বাবে উপযুক্ত অধিবক্তা নিয়োগ কৰা হ'ব।যোৰহাটত ৰাজনৈতিক হস্তক্ষেপ কোনো দিনে কৰা নাই।অনিমেষৰ ঘৰখনৰ জনপ্ৰতিনিধি হিচাপে মই নিজে ব্যৱস্থা কৰিম।দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধেও ব্যৱস্থা লোৱাৰ আশ্বাস গোস্বামীৰ।
- Log in to post comments
- 14 views