অনিমেশ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ডত লজ্জিত কটনৰ শিক্ষাৰ্থী: দোষীক কঠোৰ শাস্তিৰ দাবীত মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ

A

নিউজ ডেস্ক:

গোলাঘাট ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ডত লজ্জিত কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসমাজ ।বৰ্বৰ হত্যাকাণ্ডত জড়িত প্ৰতিজন দোষীক উচিত আৰু কঠোৰ শাস্তি প্ৰদানৰ দাবীত বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে মঙলবাৰে মুখত ক'লা কাপোৰ বান্ধি সাব্যস্ত কৰে মানৱ শৃংখল কাৰ্যসূচী।বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত অনিমেষ ভূঞাৰ ন্যায়ৰ দাবীত হাতে হাতে প্লে-কাৰ্ড লৈ সাব্যস্ত কৰে মৌন মানৱ শৃংখল কাৰ্যসূচী।

মানৱ শৃংখলত অংশগ্ৰহণ কৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ নয়ন জ্যোতি কলিতাই বৰ্বৰ হত্যাকাণ্ডৰ ঘটনাক গৰিহণা জনাই দুৰ্ভগীয়া অনিমেষৰ আত্মাৰ সৎগতি কামনা কৰে।

'মানুহ হিচাপে লজ্জিত অনুভৱ কৰিছোঁ।দিনৰ পোহৰত নগৰৰ মাজ-মজিয়াত ৩জন লোকক এদল উন্মত্ত জনতাই বৰ্বৰভাৱে আক্ৰমণ কৰিলে।এগৰাকীক মৰিয়াই হত্যা কৰিলে।অসমীয়া হিচাপে আজি কবলৈ লজ্জিত অনুভৱ কৰিছো'- ছাত্ৰ নয়নে কয়।
দুৰ্ঘটনাত পতিত এগৰাকী মানুহক সহায় কৰিছিল সেইয়া তেওঁলোকৰ ভুল আছিল নেকি!মানুহৰ মাজত ইমান ভুল বুজা বুজি কিয়, যাৰ বাবে এজন মানুহক মাৰি পেলাব পাৰিলে,আক্ষেপ প্ৰকাশ কৰি ছাত্ৰ জনে লগতে কয়। 

কটন বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা ছাত্ৰ নয়নৰ অসম চৰকাৰ,আৰক্ষীৰ প্ৰতি দাবী- ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ঘটনাৰ বিচাৰ কৰি আইন অনুসৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক।উপযুক্ত শাস্তি নাপালে এনেধৰণৰ ঘটনা পুনৰ সংঘটিত হ'ব।ঘটনা সংঘটিত কৰিবলৈ উৎসাহ পাব।

Your Comments