অনিমেষৰ মাতৃৰ চকুপানী মচি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ দাবী নিৰ্দিষ্ট সময়ত ফাষ্টট্ৰেক আদালতৰ বিচাৰ সম্পন্ন হ'ব লাগিব

A

নিউজ ডেস্ক:

যোৰহাটৰ ৰাজপথত এদল উন্মত্ত নৰখাদকৰ বৰ্বৰ আক্ৰমণত নিহত অনিমেষ ভূঞাৰ দেৰগাঁৱৰ বাসগৃহত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য।দুৰ্ভগীয়া পৰিয়ালটোক সমবেদনা জনায় ভট্টাচাৰ্য্যই।আছু নেতা গৰাকী উপস্থিত হোৱাৰ লগে লগেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰে অনিমেষৰ ঘৰখনত।পুত্ৰক হেৰুৱাই শোকত ভাগি পৰা অনিমেষৰ মাতৃৰ চকুপানীৰ মচি মচি ভট্টাচাৰ্যই বুজনি দিয়ে ।দুৰ্ভগীয়া মাতৃ গৰাকীৰ কাষত আছু সদায় থকাৰ কথা উল্লেখ ভট্টাচাৰ্যৰ।

যোৰহাটৰ মাজ-মজিয়াত দিন -দুপৰতে অনিমেষক বৰ্বৰ ভাৱে হত্যা কৰাক গৰিহণা জনায় আছু উপদেষ্টা গৰাকীয়ে।"ঘটনাত অতি মৰ্মাহত হৈছোঁ।যোৰহাটৰ মাজ- মজিয়াতে নাগৰিকৰ নিৰাপত্তা নাথাকিলে অসমত কি নিৰাপত্তা থাকিব,নিৰাপত্তা ব্যৱস্থা ক'ত "বুলি প্ৰশ্ন কৰে ভট্টাচাৰ্য্যই।

হত্যাকাণ্ডত জড়িত প্ৰতিজন দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।দিনদুপৰতে সংঘটিত বৰ্বৰ হত্যাকাণ্ডত কোন কোন জড়িত চৰকাৰে ইতিমধ্যে খবৰ পাইছে।ফাষ্টট্ৰেক আদালতত বিচাৰ হ'ব কিন্তু কিমান দিনৰ ভিতৰত হ'ব তাৰো এটা নিৰ্দিষ্ট সময় থাকিব লাগে।কাৰণ পূৰ্বৰ ফাষ্টট্ৰেক আদালতৰ ফলাফল আজি লৈকে পোৱা নাই,আমাক লাগে ফলাফল- ভট্টাচাৰ্যই লগতে কয়।

দিন-দুপৰতে হত্যাকাণ্ড সংঘটিত হৈছে।প্ৰশাসনৰ প্ৰতি যে ভয় নাই সেই কথাটো চৰকাৰে বুজি পোৱা উচিত।১৫দিনৰ ভিতৰত তদন্তৰ অভিযোগনামা দাখিলৰ আশ্বাস দিছে আৰু দাখিল কৰিব লাগিব বুলিও তেওঁ কয়।

Your Comments