অনিমেষ ভূঞা হত্যাকাণ্ডৰ অপৰাধীৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত যোৰহাট উকীল সন্থাৰ

A


নিউজ ডেস্ক:
কালি দিন দুপৰতে একাংশ উন্মত্ত লোকে বৰ্বৰভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল ছাত্ৰনেতা অনিমেষক।ৰাজপথত নিচাসক্ত হৈ পৰি থকা এগৰাকী আদহীয়া ব্যক্তিক সহায় কৰিবলৈ যোৱাটোৱে যেন কাল হ'ল অনিমেষৰ ।গণ প্ৰহাৰত মৃত্যুক সাৱটি ল’লে ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাই। উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ১৩ জনক ইতিমধ্যে আটক কৰিছে যোৰহাট আৰক্ষীয়ে।ইয়াৰ পিছতে যোৰহাট উকীল সন্থাই গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত।
অনিমেষ ভূঞা হত্যাকাণ্ডৰ অপৰাধীৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত লয় যোৰহাট উকীল সন্থাই।যোৰহাট উকীল সন্থাৰ প্ৰাক্তন সভাপতি ৰিংকু শৰ্মাই এই কথা ঘোষণা কৰি কয় যে "যোৰহাট কাণ্ডৰ অপৰাধীৰ হৈ ওকালতি নকৰে কোনোৱে। যোৰহাট উকিল সন্থাই লৈছে এই সিদ্ধান্ত।"

Your Comments