নিউজ ডেস্ক:
যোৰহাটৰ ৰাজপথত গণপ্ৰহাৰত নিহত ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ পৰিয়াললৈ পাঁচ লাখ টকা ক্ষতিপূৰণ ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।ৰাজ্য চৰকাৰৰ ফালৰ পৰা আগবঢ়াব ক্ষতিপূৰণ।
উল্লেখ্য যে ,সোমবাৰে এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি যোৰহাটলৈ ব্যৱসায়িক কামত যোৱা দেৰগাঁৱৰ অনিমেষক বৰ্বৰ ভাৱে হত্যা কৰিছিল এদল উন্মত্ত জনতাই।
ইফালে হত্যাকাণ্ডত জড়িত ১৩টা কৈ অভিযুক্ত যোৰহাট আৰক্ষীৰ জালত পৰিছে।সমগ্ৰ ঘটনাৰ তদন্ত ক্ষীপ্ৰতাৰে আগবঢ়োৱা বাবে অসম আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধান জিপি সিঙক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।তদন্ত প্ৰক্ৰিয়াত সুৰুঙা যাতে ৰৈ নাযায় তাৰ বাবে সিঙক ব্যক্তিগত নিৰীক্ষণৰো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।
আনহাতে, ফাষ্টট্ৰেক আদালতত চলিব সমগ্ৰ বিচাৰ প্রক্রিয়া।তাৰ বাবে এমাহৰ ভিতৰত অভিযোগ নামা আৰক্ষীক দাখিল কৰাৰো নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
- Log in to post comments
- 11 views