নিউজ ডেস্ক:
যোৰহাটত এদল উন্মত্ত জনতাৰ প্ৰহাৰত মৃত্যুৰ হোৱা আছু নেতা অনিমেশ ভূঞাৰ নশ্বৰদেহ পঞ্চভূতত বিলীন।শোকাকুল পৰিৱেশত শেষকৃত সম্পন্ন প্ৰতিভাৱান ছাত্ৰ নেতা গৰাকীৰ।সোমবাৰে বিয়লি এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি এদল উন্মত্ত দানৱে নিৰ্মমভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা অনিমেষক।
নিজৰ ব্যৱসায়িক কামত দুই সতীৰ্থসহ যোৰহাটলৈ গৈছিল অনিমেশ।সো-শৰীৰে ঘৰৰ পৰা ওলাই যোৱা পুত্ৰক বৰ্বৰ ভাৱে হত্যা কৰাত একপ্ৰকাৰ ভাগি পৰিছে পিতৃ-মাতৃৰ লগতে আত্মীয় স্বজন।দেৰগাঁৱৰ সমীপৱৰ্তী ১নং খকণ্ডগুৰি গাঁৱৰ বাসগৃহত নিথৰ দেহ আহি পোৱাৰ পাছতে সৃষ্টিৰ হয় এক বুজাব নোৱাৰা পৰিৱেশ।
'সৰুৰ পৰা এচাত মাৰি নোপোৱা ৰঘু তোক আজি মানুহে মাৰি পেলালে।মৃত্যুৰ সময়ত তই তেজ বমি কৰি গলি'- শোকত ভাগি পৰা অনিমেশৰ মাতৃয়ে এইদৰে কয়।
আনহাতে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে গোলাঘাট জিলা উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱা অনিমেশ ভূঞাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকে।ইয়াৰোপৰি, নিশা আছু নেতৃত্বৰ লগতে বাসগৃহত উপস্থিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু।
গুৰুত্বপূৰ্ণ কথা এই যে যোৰহাট আৰক্ষীয়ে অনিমেশ ভূঞাৰ হত্যাত জড়িত ১৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।ঘটনাৰ মূল অভিযুক্ত ক'লা লৰা ওৰফে নীৰজ দাসক যোৰহাট আৰক্ষীয়ে এখন বাঁহনীত আত্মগোপন কৰি থকাৰ পৰা গ্ৰেপ্তাৰ কৰিছে।
অভিযোগ অনুসৰি ঘটনাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৫০জনৰো অধিক জড়িত আছে।হত্যাকাণ্ডত জড়িত থকা অভিযুক্তক বিচাৰি যোৰহাট আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
আনহাতে আছুৱে হত্যাত জড়িত অভিযুক্তক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে যোৰহাট স্তব্ধ কৰি দিয়াৰ হুংকাৰ।
- Log in to post comments
- 13 views