নিউজ ডেস্ক:
আছু নেতা অনিমেষ ভূঞা হত্যাৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে 'ক'লা লৰা' অৱশেষত আৰক্ষীৰ জালত।নিশা যোৰহাট আৰক্ষীয়ে অভিযান চলাই বৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে নীৰজক।
উল্লেখ্য যে নীৰজ দাসে অনিমেষ ভূঞাৰ বুকুত ধৰি টানি লৈ পথৰ ওপৰত বগৰাই বগৰাই প্ৰহাৰৰ ভিডি'অ সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈছে।নৃশংস হত্যাকাণ্ডৰ পাছতে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল ধৃত নীৰজে।
তাৎপৰ্যপূৰ্ণ কথা এই যে অনিমেষ আৰু দুই সতীৰ্থই ধৃত নীৰজৰ পিতৃ মোহন চন্দ্ৰ দাস দুৰ্ঘটনাত পতিত হোৱাত তুলি ধৰিছিল।তাৰ পাছতেই এই নৃশংস ঘটনাটো সংঘটিত হৈছিল।
আনহাতে ঘটনাত জড়িত ১৩জন অভিযুক্তক বর্তমানলৈ যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
গুৰুত্বপূৰ্ণ কথা এই যে অনিমেষ হত্যাৰ মূল অভিযুক্ত ধৃত নীৰজ দাসৰ বিৰুদ্ধে ৯০টাৰো অধিক গোচৰ আছে।ক'লা লৰা হিচাপে খ্যাত নীৰজৰ পৰা পূৰ্বে উদ্ধাৰ হৈছিল পিষ্টল।ড্ৰাগছ ব্যৱসায়ৰ লগতো জড়িত আছিল নীৰজ।
- Log in to post comments
- 43 views