যোৰহাটৰ মাজমজিয়াত গণপ্ৰহাৰত মৃত্যু ছাত্ৰ নেতাৰ

A


নিউজ ডেস্ক:
যোৰহাটৰ মাজ মজিয়াত আজি দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ ঘটনা।অৰ্ধশতাধিক লোকে প্ৰহাৰ কৰি হত্যা কৰে গোলাঘাটৰ অনিমেষ ভূঞা নামৰ এজন যুৱকক ।গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আছিল নিহত অনিমেষ ভূঞা। 
উল্লেখ্য যে ,যোৰহাট চহৰৰ মাজমজিয়াতে কেইজনমান যুৱকে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে ছাত্ৰ নেতাজনক।ঘটনাস্থলীত যোৰহাট আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত যুৱকজনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে অনিমেষ ভূঞাক।কিন্তু কি কাৰণে এই ঘটনা সংঘটিত হ’ল বৰ্তমানেও ইয়াৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই।ছাত্ৰ নেতা গৰাকীৰ মৃত্যুৰ লগে লগে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায় বিভিন্ন দল সংগঠনে ।

Your Comments