মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিলে অসম মাইক্ৰ’-ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি

A

 

B


নিউজ ডেস্ক:
২৮ নৱেম্বৰ দেওবাৰে তেজপুৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু ৰেহাই আঁচনি,২০২১ শীৰ্ষক অভিলাষী আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে, এই আঁচনিয়ে ৰাজ্যখনৰ মহিলা সবলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ ৰাজ্যৰ ২৪ লাখ মহিলা এই আঁচনিৰ অধীনত উপকৃত হ'ব৷ শোণিতপুৰৰ ৫৯,৪৬৮গৰাকী মহিলাৰ প্ৰতিগৰাকীয়ে ১৬ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকাৰ চেক লাভ কৰিব ৷
ডঃ শৰ্মাই কয় যে ,"মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ সমান্তৰালভাৱে নতুন চৰকাৰখনৰ আন এক প্ৰতিশ্ৰুতি অনুসৰি অহা ১০ মে'ৰ পূৰ্বেই ১ লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ বাবেও আমাৰ চৰকাৰ বদ্ধপৰিকৰ। সেইদৰে অৰুণোদয় আঁচনিৰ অধীনত মাহিলি সাহায্যৰ পৰিমাণ পৰ্যায়ক্ৰমে বৃদ্ধি কৰি গৈ থকাৰ লগতে ৰাজ্যৰ প্ৰতিঘৰ দুখীয়া মানুহকে যাতে এই আঁচনিৰ অধীনত সামৰি ল'ব পৰা যায়, তাৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিতে অতিৰিক্ত ৫০০০ হিতাধিকাৰীক 'অৰুণোদয়'ৰ সুবিধা প্ৰদান কৰা হ'ব ।"

Your Comments