খোৱা পানীত কেলেংকাৰী ,ষড়যন্ত্ৰৰ আঁৰত মন্ত্ৰী অশোক সিংঘাল

A



নিউজ ডেস্ক:
গুৱাহাটীবাসীক ২৪ ঘণ্টাই খোৱাপানী যোগান ধৰাৰ বাবে বিগত ৮/৯বছৰ পূৰ্বে চাৰিটাকৈ পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল যদিও বৰ্তমানলৈকে সম্পূৰ্ণ হৈ উঠা নাই এই প্ৰকল্পৰ কাম ৷ এই পানী যোগান আঁচনিৰ নামত সময়ে সময়ে ব্যাপক কেলেংকাৰী সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ শনিবাৰে এই কেলেংকাৰীৰ আৰত জড়িত থকা লোকৰ এটা ভিডিঅ’ ৰাজহুৱা কৰে সংগ্ৰামী কৃষক শ্ৰমিক সংঘই।
উল্লেখ্য যে ,গুৱাহাটীত পানী যোগানৰ ঠিকাৰ নামত কমিছন সংগ্ৰহৰ অভিযোগ । ৮০ কোটিৰ ঠিকাৰ বিপৰীতে ১০% কমিছন । জল আয়োগৰ পৰিচালন সঞ্চালকৰ কাৰ্যালয়ত বহিয়েই কমিছনৰ দৰদাম বহিৰাগত দালাল পিতা-পুত্ৰ ৰাজকুমাৰ খাকলিয়া আৰু ৰাঘৱ খাকলিয়াৰ । সমগ্ৰ ঘটনাৰ আঁৰত আছে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল৷ এই অভিযোগ উথ্থাপন কৰে সংগ্ৰামী কৃষক শ্ৰমিক সংঘ অসমে ।গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে এক সংবাদমেল সম্বোধন কৰি সংঘৰ সাধাৰণ সম্পাদক দীনেশ দাসে উত্থাপন কৰে এই অভিযোগ ৷ দাসে সংবাদমেলত সদৰি কৰা অনুসৰি বৃহত্তৰ গুৱাহাটীত খোৱাপানী যোগানৰ বাবে সৰ্বমুঠ চাৰিটা প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল যদিও আজিলৈ সম্পূৰ্ণ নহ’ল এই প্ৰকল্পৰ কাম । তেওঁ লগতে কয় যে, বিভাগীয় মন্ত্ৰীৰ অধীনস্থ জল ব’ৰ্ডৰ পৰিচালন সঞ্চালক সম্পটে নিজ কাৰ্যালয়ত ৰাজকুমাৰ খাকলিয়া আৰু ৰাঘৱ খাকলিয়া নামৰ দুই দালালৰ হতুৱাই থলুৱা ঠিকাদাৰৰ পৰা 10% কমিছন দাবী কৰিছে তাৰ ভিডিঅ’ আছে । সংগ্ৰামী কৃষক শ্ৰমিক সংঘই গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালক মন্ত্ৰীত্বৰ পৰা অপসাৰণৰ দাবী জনায় ৷

Your Comments