চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিধায়িকা নন্দিতা দাসে

A


নিউজ ডেস্ক:
"মেঘালয় আৰক্ষীয়ে সীমান্তৰ অসমৰ ৰাইজক অসমক সমৰ্থন নকৰিবৰ বাবে ভয়-ভাবুকি প্ৰদান কৰি আহিছে । সীমান্ত এলেকাত বহু কেইখন গাঁও আছে আৰু সেই গাঁৱত বসবাস কৰা লোকসকলে অসমৰ লগত থাকিব বিচাৰে । তেওঁলোকে কোনো কাৰণতে মেঘালয়ত চামিল হ'ব নিবিচাৰে ।" এই মন্তব্য প্ৰকাশ কৰে বিধায়িকা নন্দিতা দাসে ।
গুৱাহাটীৰ ৰাজীৱভবনত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয় যে, অসম-মেঘালয় সীমাৰ সমস্যা সমাধানৰ বাবে গঠন কৰা উচ্চস্তৰীয় কমিটিৰ যোগেদি কেইবাখনো গাঁও ভ্ৰমণ কৰা হৈছে যদিও বহু কথাই স্পষ্ট হোৱা নাই ।
উল্লেখ্য যে ,শুকুৰবাৰে মালাং খালবাৰীৰ গাৰো সম্প্ৰদায়ৰ লোকসকলে অসমত থকাৰ প্ৰসংগত আলোচনা কৰি থাকোতেই মেঘালয়ৰ একাংশ দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে । ইয়াৰ ফলত এগৰাকী যুৱতী আহত হয় আৰু ঘটনা সন্দৰ্ভত বকো থানাত এজাহাৰ দিয়া হৈছে । আনহাতে মেঘালয়ৰ কিছু লোকেও বকো থানাত ঘেৰাও কাৰ্যসূচী কৰে ।এই ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দি বিধায়িকাগৰাকীয়ে কয় যে, সীমান্তবাসী অসমৰ ৰাইজক মেঘালয়ৰ ফালৰ পৰা বলপূৰ্বক মেঘালয়ত চামিল হোৱাৰ বাবে হাৰাশান্তি কৰি থকা হৈছে । এইক্ষেত্রত অসমৰ আৰক্ষী-প্ৰশাসনৰ ভূমিকা যথেষ্ট দুৰ্বল বুলি অভিযোগ কৰি তেওঁ কয় যে, সীম‍ন্তৰ অসমৰ ৰাইজক চৰকাৰে নিৰাপত্তা দিব পৰা নাই।

Your Comments