নিউজ ডেস্ক:
বৰাকত অসমীয়া ভাষাত ক'লা ৰং লগোৱা তথা শেহতীয়াকৈ অসমীয়া ভাষাৰ বিজ্ঞাপন আঁতৰাই পেলাবলৈ প্ৰশাসনক ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিয়া প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ।বেংগলী ডেমক্ৰেটিক ফ্ৰণ্টৰ নেতা দত্তক শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।উল্লেখ্য যে কাছাৰ আৰক্ষীৰ অধীক্ষকে অসমীয়া ভাষা বিৰোধী নেতা গৰাকীক দীৰ্ঘসময় ধৰি জেৰা চলাইছিল কাৰ্যালয়ত।
আনহাতে, কিছুসময় পূৰ্বে গ্ৰেপ্তাৰ কৰা দত্তক কাছাৰ আৰক্ষীয়ে গুৱাহাটীলৈ প্রেৰণ কৰাৰ সম্ভাৱনা আছে।
- Log in to post comments
- 21 views