অসমত থাকি অসমীয়া ভাষা নচলিব বুলি কোৱাসকলক সামাজিক ভাৱে এঘৰীয়া আৰু অসমৰ পৰা বাহিৰ কৰি দিব লাগে- পলাশ চাংমাই, AJYCP

A

নিউজ ডেস্ক:


'অসমতে থাকি অসমীয়া ভাষা নচলিব হুংকাৰ দিয়াসকলক সমাজ জীৱনে নিশ্চিত ভাৱে এঘৰীয়া কৰিব লাগে।পাৰিলে অসমৰ পৰা বাহিৰ কৰি দিব লাগে'-অসমীয়া ভাষা বিৰোধীক  উদ্দেশ্য কৰি এই বিস্ফোৰক মন্তৱ্য অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই।বৰাকত অসমীয়া ভাষাত প্ৰকাশিত পোষ্টাৰ আঁতৰাই পেলাব লাগে বুলি প্ৰদীপ দত্ত ৰয়ে কৰা  মন্তৱ্যৰ উদ্ধৃতিৰে তেওঁ কয়-এইবাৰে নহয় পূৰ্বতেও বহুতবাৰ ব্যক্তিজনে অসমীয়া ভাষা বিদ্বেষৰ মনোভাৱ  লৈ মন্তৱ্য প্ৰকাশ কৰি আহিছে।এই ব্যক্তিসকলে জনা উচিত অসমত প্ৰধান বা ৰাজ্যভাষা অসমীয়া।বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাত নিশ্চিত ভাৱে অসমীয়া চলিব।তাৰ উৰ্ধত গৈ ঠাই বিশেষে স্থানীয় ভাষা চলাত আপত্তি নাই।কিন্তু বৰাকত অসমীয়া নচলিব বুলি কোৱা কথা গ্ৰহণযোগ্য নহয় আৰু মানি লব নোৱাৰো- চাংমাই কয়।

উল্লেখ্য যে ৰাজ্য পুনৰ গঠন ভাষা ভিত্তিত হৈছিল।ব্ৰহ্মপুত্ৰ উপত্যকা ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ পোষ্টাৰ ব্যৱহাৰ কৰাৰ আহ্বান জনায় সংগঠনৰ সম্পাদক চাংমাই ।

Your Comments