লাচিত দিৱসত আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ সম্বৰ্ধনা অনুষ্ঠান

A

 

নিউজ ডেস্ক:
যোৱা ২৪ নবেম্বৰ লাচিত দিৱস উপলক্ষে আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা সাংবাদিক, সাহিত্যিক তথা সমাজকৰ্মী শ্ৰীযুত গকুল চন্দ্ৰ ডেকাক আনুষ্ঠানিকভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নলবাৰী প্ৰেছ ক্লাবত আয়োজিত কৰা  সভাখনত সভাপতিত্ব কৰে আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ অসম ৰাজ্যিক সমিতিৰ সভাপতি শ্ৰী কৰণ কুমাৰ ভূঞাই ।উক্ত সভাখনত মানব অধিকাৰ পৰিষদৰ সাধাৰণ সম্পাদক ভৱেশ বৈশ্যই সমাজকৰ্মী গকুল চন্দ্ৰ ডেকাৰ সামাজৰ বিভিন্ন দিশত থকা অৰিহণাৰ কথা ব্যাখ্যা কৰে । ইফালে সমাজকর্মী গকুল ডেকাই তেখেতক আগবঢ়োৱা এই সন্মানৰ বাবে মানৱ অধিকাৰৰ হকে যুঁজি অহা "আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ"ৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।

Your Comments