নিউজ ডেস্ক:
ৰাজ্যৰ স্বাস্থ্যখণ্ডত পূর্বে নোহোৱা ঘটনা।৩১গৰাকী চিকিৎসকৰ স্বেচ্ছামূলক পদত্যাগ পত্ৰ প্ৰেৰণ ৰাজ্যপাললৈ।দীৰ্ঘদিনৰ পৰা অৱসৰৰ বাবে আৱেদন জনাই আহিছিল চিকিৎসকসকলে।
উল্লেখ্য যে চিকিৎসকৰ পদত্যাগ পত্ৰত ৰাজ্যপালৰ অনুমোদন।বয়স আৰু ঘৰুৱা অসুবিধা থকা চিকিৎসকৰ স্বেচ্ছামূলক অৱসৰত অনুমোদন ৰাজ্যপালৰ।২০১৪ চনৰ পৰা ২১ চনৰ ভিতৰত চিকিৎসকসকলে আৱেদন জনাইছিল অৱসৰৰ বাবে।স্বেচ্ছামূলক অৱসৰৰ আৱেদন জনোৱা চিকিৎসকৰ ভিতৰত ৫ জন গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ, ৯জন অসম মেডিকেল কলেজ হাস্পতালৰ, ৬ জন তেজপুৰ মেডিকেল কলেজ হাস্পতালৰ, ৮জন যোৰহাট মেডিকেল কলেজ হাস্পতালৰ, ১জন লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ, ২জন ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালৰ।
উল্লেখ্য যে অত্যাধিক কামৰ বোজা,পদোন্নতি লগতে অন্যান্য সুবিধা প্ৰদানত স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবেই স্বেচ্ছামূলক অৱসৰ বিচাৰি আহিছিল চিকিৎসকসকলে।
- Log in to post comments
- 61 views