নিউজ ডেস্ক:
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ দহ দিনীয়া জাতীয় স্বাভিমান যাত্ৰা শীৰ্ষক আন্দোলনৰ কাৰ্যসূচী ঘোষণা।ত্যাগ আৰু সংকল্প লৈ আৰম্ভ কৰিব কা' আন্দোলন।আজি সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা এজেপিৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ ।অহা ১০ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ আঞ্চলিক ৰাজনৈতিক দলটোৱে কা' আইনৰ বিৰুদ্ধে আৰম্ভ কৰিব এই সংগ্রাম।
দলটোৱে ঘোষণা কৰা কাৰ্যসূচী অনুসৰি ১০ ডিচেম্বৰত কেন্দ্ৰীয় ভাৱে শ্বহীদ দিৱস পালন কৰিব ।ইয়াৰ উপৰিও প্ৰতিখন জিলাত শ্বহীদ দিৱস পালন কৰিব।আবেলি প্ৰতি জিলাত ভাষা ওজা হেমচন্দ্ৰ বৰুৱা জন্মদিনৰ শ্ৰদ্ধাঞ্জলি।
১১ ডিচেম্বৰ কা' গৃহীত দিনটোত সমগ্ৰ ৰাজ্যত কলা দিৱস পালন আৰু প্ৰতি সমষ্টিতে সংকল্প গ্ৰহণ।
১২ডিচেম্বৰত কা' আন্দোলনত মৃত্যুবৰণ কৰাসকলৰ সোঁৱৰণত আত্মবলিদান দিৱস।ঈশ্বৰ নায়কৰ বাসগৃহ ওদালগুৰিত কেন্দ্ৰীয় ভাৱে পালন কৰা হ'ব এই দিৱস।এজেপি সমষ্টি কমিটি কা' শ্বহীদ পৰিয়ালক সাক্ষাৎ কৰিব।
১৩ডিচেম্বৰত সাহিত্যক সত্যনাথ বৰাৰ মৃত্যু দিন।উক্ত দিনা মূল্যবোধ দিন হিচাপে পালন কৰিব।বিজেপি চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতি, বিভেদৰ ৰাজনীতি, গণতান্ত্ৰিক অনুষ্ঠান ধ্বংস কৰা বিষয়ৰ ওপৰত বেনাৰ, পোষ্টাৰ, কাৰ্টুন আদিৰে দিনজোৰা পথ প্ৰদৰ্শনী প্ৰতি জিলা সদৰত অনুষ্ঠিত হ'ব।
১৪ডিচেম্বৰত অসম বুৰঞ্জীৰ ৰাজনৈতিক, ভাষা-সাংস্কৃতিক, অৰ্থনৈতিক-অধিকাৰ স্বাভিমানৰ দিশত জাতীয়তাবাদী চিন্তাৰ ওপৰত আলোকপাত কৰিবলৈ কেন্দ্ৰীয় ভাৱে গুৱাহাটীত জাতীয় সন্মিলন অনুষ্ঠিত হ'ব।ক্ৰীড়াবিদ প্ৰয়াত বাবুল ফুকনৰ সোঁৱৰণত যুৱ প্ৰতিভা দিৱস পালন কৰিব।জিলা সমিতিসমূহে বিভিন্ন কুইজ, বক্তৃতা, খেল-ধেমালি আদিদৰে শৈক্ষিক কাৰ্যসূচী অনুষ্ঠিত হ'ব।
১৫ডিচেম্বৰত স্বাৱলম্বী দিৱস ৰূপে পালন কৰিব।নিজৰ শ্ৰমক সন্মান জনাই নিষ্ঠা আৰু সততাৰে জীৱন নিৰ্বাহ কৰা বিভিন্ন বৃত্তিৰ অৱহেলিত ব্যক্তিক সম্বৰ্ধনা জনাব।
১৬ ডিচেম্বৰত কনকলাল বৰুৱাৰ মৃত্যু দিনটোত ঐতিহাসিক সমল সংৰক্ষণ দিৱস।মাজুলীত জাতীয় ঐক্য সন্মিলন আয়োজন।
১৭ডিচেম্বৰত মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস।
১৮ডিচেম্বৰত মহিলাসৱলীকৰণৰ প্ৰচাৰ পত্ৰিকা বিতৰণ।
১৯ডিচেম্বৰত চৈয়দ আব্দুল মালিকৰ মৃত্যু দিনা জন্মস্থান নাহৰনীত শ্ৰদ্ধাঞ্জলি জনাই জাতীয় স্বাভিমান যাত্ৰাৰ সামৰণি।
- Log in to post comments
- 9 views