ঐক্যবদ্ধ কা' আন্দোলনত ৰাইজে বিচাৰিলে নেতৃত্ব দিব এজেপিয়ে- লুৰীনজ্যোতি গগৈ

A

নিউজ ডেস্ক:

'কা' গণ আন্দোলনৰ প্রাসংগিকতা আছিল, আছে আৰু থাকিব।কৃষি আইন প্ৰত্যাহাৰৰ লগে লগে ইয়াৰ প্ৰাসংগিকতা শক্তিশালীৰূপে প্ৰকট হৈছে অসম তথা দেশত'-এই মন্তৱ্য  অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈৰ।

গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নত লুৰীনেজ্যোতিয়ে ঐক্যবদ্ধ ভাৱে কা' আন্দোলনলৈ সাজু হোৱাৰ আহ্বান জনায়।আদৰ্শ, বাদানুবাদ, পৰিহাৰে অসম-অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ঐক্যবদ্ধ সংগ্রামত  সকলো চামিল হওঁক।এজেপি এই আন্দোলনত জঁপিয়াই পৰিব আৰু জনগণে যদি নেতৃত্ব দিবলৈ সুযোগ দিয়ে তেন্তে কা'ৰ আন্দোলনত নেতৃত্ব  দিবলৈ এজেপি সাজু বুলি তেওঁ কয়।

গুৱাহাটী এজেপি কেন্দ্ৰীয় লাচিত দিৱসৰ কাৰ্যসূচীত অংশলৈ গগৈয়ে  মুখ্যমন্ত্ৰীয়ে এতিয়া কা' আন্দোলন কৰিবলৈ মানুহ নাহে বুলি কোৱা প্ৰসংগ আঁত ধৰি কয়- ভাৰতবৰ্ষ স্বাধীন হৈছিল আন্দোলনৰ যোগে, অসম চুক্তি অসম আন্দোলনৰ জৰিয়তে হৈছিল।উপহাস কৰা সকলে ইতিহাস পঢ়ি চাব লাগে।

কা' আন্দোলনৰ বাবেই আজিলৈ ৰোল ফ্ৰেম কৰিবলৈ সাহস নহল।আন্দোলনৰ গুৰুত্ব-প্ৰাসংগিকতা আছিল ইয়াক অপবাদ কৰি লাভ নাই- গগৈয়ে কয়।

উল্লেখ্য যে শেহতীয়া ভাৱে কেন্দ্ৰই তিনিখনকৈ কৃষি আইন বাতিলৰ পাছতে পুনৰ ৰাজ্যত কা' প্ৰসংগই চৰ্চা লাভ কৰিছে।

Your Comments