লাচিতক হিন্দু বীৰ সজোৱা ষড়যন্ত্ৰ বন্ধ হ'ব লাগে, বীৰ লাচিত অসমীয়াৰ স্বাভিমান: লুৰীণ

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীৰ লাচিতনগৰৰ লাচিত জ্যোতি সংঘত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে আজি কেন্দ্ৰীয় লাচিত দিৱস উদযাপন কৰে।এজেপিৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কেন্দ্ৰীয় লাচিত দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে দলটোৰ কেন্দ্ৰীয় সভাপতি লুৰিন জ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা প্ৰমুখ্যে কেন্দ্ৰীয় নেতৃত্ব।দল জন্মৰ পিছত প্ৰথমবাৰৰ বাবে গুৱাহাটীত আয়োজন কৰে লাচিত দিৱস।পৰৱৰ্তী দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৃত ভাৱে পালন কৰিব বুলি সভাপতি লুৰীনে কয়।বীৰজনাৰ মহান ত্যাগ জাতিপ্ৰেম, জাতীয় দৰ্শনৰ শক্তিশালী চেতনা নৱপ্ৰজন্মৰ মাজত বিলাই দিয়াৰ উদ্দেশ্যৰে আগন্তক দিনত লাচিত দিৱস পালন কৰিব বুলিও লগতে তেওঁ কয়।

ভাৰতবৰ্ষত মোগলে আক্ৰমণ কৰি নিজ শাসন প্ৰতিষ্ঠা কৰিছিল কিন্তু লাচিত বৰফুকনৰ দৰে বীৰ যোদ্ধা থকা বাবে অসম আক্ৰমণত বাৰে বাৰে বিফল হৈছিল মোগল।এই নেতৃত্বক প্ৰতিমুহূৰ্তত সোঁৱৰণ কৰা উচিত।ৰাষ্ট্ৰীয় স্তৰত বীৰ লাচিত বৰফুকন, আহোম, কোচ শাসনৰ কথা যি দৰে লিপিবদ্ধ হ'ব লাগে তেনেদৰে হোৱা নাই।অপৰাজেয় হৈ থকা অসমীয়া জাতি, আহোম জাতি সত্তা, লাচিতৰ মহান কীৰ্তি সমূহ ৰাষ্ট্ৰীয় পৰ্যায় গ্ৰন্থত লিপিবদ্ধ কৰা নাই।আক্ষেপ প্ৰকাশ কৰি সভাপতি লুৰীনে কয়।মিলিটেৰী একাডেমীৰ সন্মুখত কেৱল এটা প্ৰতিমূৰ্তি স্থাপন কৰিলেই কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব শেষ নহয় লগতে তেওঁ কয়।

দেশৰ ৰাজধানী দিল্লীত লাচিতৰ প্ৰতিমূৰ্তি নথকাত ক্ষোভ প্ৰকাশ কৰি লুৰীনে কয়-ভাৰতবৰ্ষৰ সকলো পৰাধীন হোৱাৰ পাছতো অসমৰ মানুহে ভাৰতীয় গৌৰৱ গাঁথা, স্বাভিমান জীয়াই ৰাখিলে।

এনচিইআৰটিৰ পাঠ্যক্ৰমত লাচিতৰ বিষয়ে অন্তৰ্ভুক্ত কৰা, ৰাষ্ট্ৰীয় স্তৰত দিল্লীত লাচিতৰ প্ৰতিমূৰ্তি স্থাপন, ৰাষ্ট্রীয়, আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা প্ৰদান কৰাৰ দাবী জনায়-সভাপতি লুৰিনে।

আনহাতে, অসমীয়া বীৰ লাচিতক  হিন্দু বীৰ সজোৱা ষড়যন্ত্ৰ বন্ধৰ দাবী জনায়।লাচিত আমাৰ বাবে স্বাভিমানৰ প্ৰতীক- গগৈয়ে কয়।

Your Comments