ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক অপসাৰণ

A


নিউজ ডেস্ক:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিলম্বিত উপাচাৰ্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক অপসাৰণ কৰিলে ৰাজ্যপালে । ৰাজ্যপালে গঠন কৰি দিয়া উচ্চস্তৰীয় তদন্ত কমিটীৰ প্ৰতিবেদনৰ জৰিয়তে চলিত বৰ্ষৰ এপ্ৰিল মাহত নিলম্বন কৰা হৈছিল ড৹ ৰঞ্জিত কুমাৰ তামুলীক ৷
উল্লেখ্য যে, ৰঞ্জিত কুমাৰ তামুলীৰ বিৰুদ্ধে ভিন্ন অনিয়ম, বিত্তীয় কেলেংকাৰিৰ সংঘটিত কৰা অভিযোগ উত্থাপন কৰিছিল বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে । ইয়াৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মজিয়াত আৰম্ভ হৈছিল উপাচাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ ৷ আছু, বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ, শিক্ষক-কৰ্মচাৰী সকলোৱে প্ৰতিবাদ কৰিছিল ৰঞ্জিত কুমাৰ তামুলীৰ বিৰুদ্ধে ।

Your Comments