দুটা দৰমহা লোৱাৰ অভিযোগত ২০খন জিলাৰ ৭০ শিক্ষকলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ জাননী

A

নিউজ ডেস্ক:

দুটা কোষাগাৰৰ পৰা অবৈধ দৰমহা লোৱাৰ অভিযোগত  ৭০গৰাকী শিক্ষকলৈ শিক্ষা বিভাগৰ জাননী।কাহিলীপাৰাস্থিত মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছে এই নিৰ্দেশনা।উল্লেখ্য যে শিক্ষা বিভাগক প্ৰদৰ্শন কৰিব লাগিব নথি-পত্ৰ।যদি নথি-পত্ৰৰ প্ৰদৰ্শনত অবৈধ দৰমহা লোৱাৰ কথা ধৰা পৰে তেন্তে নীতি-বৰ্হিভূত টকা ঘূৰাই দিব লাগিব।

চিটিএমআইএছৰ তথ্যৰ ভিত্তিত এই ৭০ গৰাকী ঠিকাভিত্তিক শিক্ষকলৈ  জাননীৰ জাৰি কৰিছে।মাধ্যমিক শিক্ষা বিভাগৰ নিৰ্দেশনাত উল্লেখ থকা জিলাসমূহ  ক্ৰমে বৰপেটাৰ ৭জন, বঙাইগাঁৱৰ ৩জন, কাছাৰৰ ৬জন, দৰঙৰ২জন, ধেমাজিৰ১জন,  ডিব্ৰুগড়ৰ ৪জন, ডিমা-হাছাওৰ ৩জন, গোলাঘাটৰ ১জন, গোৱালপাৰাৰ ৯জন, যোৰহাটৰ ৮জন, কামৰূপৰ ২জন, কামৰূপ(ম) ১জন, কাৰ্বি আংলং ৪জন, নগাঁও ৫জন, কৰিমগঞ্জ ১জন, লখিমপুৰৰ ২জন, নলবাৰীৰ ১জন, শিৱসাগৰৰ ৪জন, শোণিতপুৰৰ ৫জন আৰু তিনিচুকীয়াৰ ১জন শিক্ষকৰ বিৰুদ্ধে আছে এই অভিযোগ।শিক্ষাবিভাগে জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে জাননী প্ৰেৰণ কৰিছে।

তাৎপৰ্যপূৰ্ণ কথা এই যে যদি দুটা দৰমহা লোৱাৰ তথ্য ধৰা পৰে তেন্তে এই শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা সম্ভাৱনা আছে।

Your Comments