নিলম্বিত ডিআইজি ৰৌণক আলি হাজৰিকাৰ হেঙেৰাবাৰী বাসগৃহত চি এম ভিজিলেঞ্চৰ অভিযান

A

নিউজ ডেস্ক:
আয় বৰ্হিভূত সম্পত্তি আহৰণৰ অপৰাধত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত গ্ৰেপ্তাৰ হোৱা নিলম্বিত ডিআইজি ৰৌণক আলি হাজৰিকাৰ বাসগৃহত আজি পুনৰ অভিযান।হেঙেৰাবাৰীৰ বাসগৃহত অভিযান চলাই তদন্তকাৰী দলে। হাজৰিকাৰ বাসগৃহৰ ভূমি জোখ- মাখ কৰি তন্ন-তন্নকৈ পৰীক্ষা কৰিছে চৰকাৰী পঞ্জীয়ন মূল্যৰ বিষয়াৰ দ্বাৰা। সম্পত্তিৰ জোখ-মাখ ভিডিঅ' গ্ৰাফী কৰিছে দলটোৱে। 

উল্লেখ্য যে ৰৌণকৰ বিৰুদ্ধে কিছুদিন পূৰ্বে বাসগৃহভূমি ক্ৰয় কেলেংকাৰী কৰাৰ গুৰুতৰ অভিযোগ আনিছিল পূৰ্বৰ ভূমি স্বত্বাধিকাৰী অনিল চন্দ্ৰ তালুকদাৰ দম্পত্তিয়ে।তালুকদাৰ দম্পত্তিৰ অভিযোগৰ ভিত্তিত পুনৰ অভিযান চলাইছে দলটোৱে।

আনহাতে, আলিৰ বিৰুদ্ধে তদন্তৰ অন্তিম পৰ্য্যায়ত চলি আছে।শীঘ্ৰে তেওঁৰ বিৰুদ্ধে আমি লাভ কৰা তথ্য সংবাদমেলৰ জৰিয়তে ৰাজহুৱা কৰা হ'ব বুলিও তদন্তকাৰী দলে জানিবলৈ দিয়ে।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা বিষয়া আলিক ভিজিলেন্স দলে সময়ে-সময়ে জেৰা চলাই আছে।জেৰাত তেওঁ মুখ খুলিছেনে নাই বুলি সাংবাদিকে কৰা প্ৰশ্নত তদন্তকাৰী বিষয়াই কয়- জেৰাত মুখ খুলিছে, পাই আছো।

Your Comments