জিএমচিএইচত কৰ্মৰ সময়সীমা বৃদ্ধি: চিকিৎসালয় পৰিচালনা সমিতিয়ে ঠিকাভিত্তিক কৰ্মচাৰী নিজাকৈ লব পাৰিব- স্বাস্থ্যমন্ত্ৰী

A

নিউজ ডেস্ক:

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এতিয়াৰ পৰা কৰ্মৰ সময়সীমা বৃদ্ধি।ৰোগীৰ সুবিধা হোৱাকৈ এম আৰ আই, চি টি স্কেন, এক্স-ৰে আদিৰ বিভিন্ন বিভাগৰ কাম পুৱা ৪বজাৰ পৰা নিশা ১০ বজালৈ দুটা চিফটত চলিব।আজিৰে পৰা কাৰ্যকৰী হৈছে এই নিয়ম- ঘোষণা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ।জিএমচিএইচ সভাগৃহত সংবাদমেল সম্বোধন কৰি মহন্তই কয়- কৰ্মসময়সীমা বৃদ্ধি ফলত এম আৰ আই ৬০টা, চিটি স্কেন ১৫০টা, এক্স-ৰে ১০০০ জনৰ প্ৰতিদিনে কৰাৰ লক্ষ্য।উল্লেখ্য যে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত স্বাস্থ্যমন্ত্ৰী ভাষ্যত প্ৰকাশ পোৱা অনুসৰি বৰ্তমান ২টা মাত্ৰ এমআৰআই, ৪টা চিটি স্কেনৰ মেচিন আছে।
ইয়াৰ উপৰিও আল্ট্ৰাচন'গ্ৰাফী মেচিন ৫টাত ৩০০টেষ্টৰ লক্ষ্য- মহন্তই কয়।অস্ত্ৰোপচাৰো দুটা চিফটত হ'বচিকিৎসা মহাবিদ্যালয় খনত।

ৰোগীৰ সুবিধা হোৱাকৈ কিছুদিনৰ পাছৰ পৰা অনলাইনৰ জৰিয়তে উপলব্ধ হ'ব পঞ্জীয়ন সেৱা।সেই অনুসৰি নিৰ্ধাৰিত সময়ত আহি চিকিৎসকক সাক্ষাৎ কৰিব পাৰিব ৰোগীয়ে- মহন্তই কয়।

আনহাতে, চিকিৎসালয় পৰিচালনা সমিতিয়ে এতিয়াৰ পৰা ঠিকাভিত্তিক কৰ্মচাৰী নিজাকৈ প্ৰয়োজন মতে নিযুক্তি দিব পাৰিব।ঠিকাভিত্তিক কৰ্মচাৰীৰ দৰমহা স্থায়ী চৰকাৰী কৰ্মচাৰীৰ সমপৰ্যায় হ'ব- স্বাস্থ্যমন্ত্ৰী মহন্তই কয়।

Your Comments