অসমলৈ আহিব ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশীঃ অখিল গগৈ

A



নিউজ ডেস্ক:
বিতৰ্কিত ৩ কৃষি আইন বাতিলৰ পিছতে যেন অসমত পুনৰ জোৱাৰ উঠিছে কা' বিৰোধী আন্দোলনে।
দেওবাৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অসমত ‘কা’ আন্দোলন পুনৰ হ’ব লাগে বুলি মন্তব্য কৰিছে।
অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয় যে , '‘কা' আইনত প্ৰণয়ন হ’লে ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশী অসমলৈ আহিব। কা' আন্দোলন বন্ধ হোৱাৰ মূল কাৰণ দুটা। জাতীয় সংগঠনৰ বাবেই ৰাজপথৰ পৰা খেলপথাৰ পাইছিল কা' বিৰোধী আন্দোলন"।
গগৈয়ে লগতে কয় যে ,"মই জেলত থকাৰ সময়তে জাতীয় সংগঠনৰ নেতৃত্বই আপোচ কৰিলে চাগে। ইমান ডাঙৰ আন্দোলন এটাৰ দায়িত্ব ল’ব নোৱাৰিলে জাতীয় সংগঠনৰ নেতাই।"
‘মই অকলে কৰিব নোৱাৰো, সেয়ে মই সকলো খিলঞ্জীয়া সংগঠনক পুনৰ এবাৰ একেলগে হাত মিলাবলৈ আৰু কোনো আপোচ নকৰাকৈ কা' বিৰোধী আন্দোলন আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো।"

Your Comments