নিউজ ডেস্ক:
আঘোণ মাহ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত খেতিয়ক ৰাইজ ব্যস্ত পথাৰত নিজৰ সোণগুটি চপোৱাত ।কিন্ত তাৰ বিপৰীত ছবি দেখা গ'ল হোজাই জিলাৰ লংকাৰ কাকীত।উকা, চনপৰা পথাৰৰ দেখি মুৰে কপালে হাত দিছে কাকীৰ কেইবাখনো গাৱৰ খেতিয়ক ৰাইজে। উল্লেখ্য যে, হোজাই জিলাৰ কাকী এক খেতিপ্ৰধান অঞ্চল।কাকীৰ খেতিয়ক ৰাইজে পথাৰত আন শস্য ৰূপন কৰাকে ধৰি ভূই ৰূপন কৰা আদি সকলো নিৰ্ভৰ কৰে বৰষুণৰ ওপৰত । যোৱা আহাৰ-শাওণ মাহত কাকী অঞ্চলত নপৰিল বৰুণ দেৱতাৰ সু-দৃষ্টি । বৰুণ দেৱতাৰ সু-দৃষ্টি নপৰাত একাংশ খেতিয়ক ৰাইজে নোৱাৰিলে নিজৰ খেতি দৰাত ভূই-ৰূপণ কৰিবলৈ । ফলত উকা হৈ থাকিল নিজৰ পথাৰখন ।এতিয়া আঘোণ মাহ, উকা, চনপৰা নিজৰ পথাৰ ডৰা নিজে দেখি মুৰে কপালে হাত দিছে কাকীৰ কেইবাখনো গাৱৰ খেতিয়ক ৰাইজে।কাকীৰ নিজৰাপাৰ, বেঙেনাআটী, কাকমাৰী, নাথগাও, জাজৰী ব্লককে ধৰি বহু গাৱৰ খেতিয়ক ৰাইজে আঘোণৰ মাহত নিজৰ পথাৰ খন দেখি মুৰে কপালে হাত দিয়া পৰিলক্ষিত হৈছে
।উল্লেখ্য যে , কাকী খৰাং পিৰিত অঞ্চল। জংঘল ভাঙি কাকী অঞ্চলত বসবাস কৰা দিনৰ পৰা কাকীৰ কেইবাখনো গাৱৰ ৰাইজে বিগত বহু বছৰৰ পৰা খেতি বাতিৰ ক্ষেত্ৰত চৰকাৰৰ পৰা পোৱা নাই কোনো আঁচনী।পুৰণি যি জলসিঞ্চনৰ আঁচনী আছিল প্ৰায় এতিয়া বিকল।কাকীত খেতিয়ক ৰাইজৰ বাবে নাই কোনো চৰকাৰী জলসিঞ্চন আঁচনি।ফলত, বৰ্তমান কাকীৰ কেইবাখনো গাৱৰ ৰাইজে নিজৰ চণপৰা পথাৰখন দেখি মুৰে কপালে হাত দিয়া পৰিলক্ষিত হৈছে আৰু চৰকাৰক খেতি-বাতিৰ ক্ষেত্ৰত পানী যোগানৰ সু-ব্যৱস্হা কৰিবলৈ কাতৰ ভাবে আহ্বান জনায় ।
- Log in to post comments
- 17 views