আজি কইনাধৰাত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বিধায়ক অখিল গগৈয়ে

A

নিউজ ডেস্ক:

আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব বিধায়ক অখিল গগৈয়ে।শিৱসাগৰৰ বিধায়ক গগৈয়ে শিৱসাগৰ সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ বিষয়ত আলোচনাৰ বাবে সাক্ষাৎ কৰিব।সন্ধিয়া ৬ বজাত কইনাধৰাস্থিত ৰাজ্যিক অতিথি শালাত মুখ্যমন্ত্ৰীৰে সাক্ষাৎ হ'ব গগৈ।ইতিমধ্যে এই কথা বিধায়ক গৰাকীয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য যে শিৱসাগৰৰ সামগ্ৰিক উন্নয়ণক সামৰি ১৭নৱেম্বৰত চাৰি খনকৈ স্মাৰক পত্ৰ বিধায়ক জনে দিয়া বুলি জানিব দিছে।

গুৰুত্বপূৰ্ণ কথা এই যে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীৰে প্ৰথমটো আনুষ্ঠানিক সাক্ষাৎ হ'ব বিধায়ক গগৈৰ।

Your Comments