নিউজ ডেস্ক:
ভাৰত চৰকাৰৰ আৱাসিক আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ৰ স্বচ্ছ ভাৰত অভিযান (নগৰাঞ্চল)ৰ অধীনত সম্পন্ন কৰা স্বচ্ছ সৰ্বেক্ষণ ২০২১ত উত্তৰ পূৱৰ তেজপুৰ চহৰে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷
ডিজিটেল মাধ্যমৰ জৰিয়তে সম্পন্ন হোৱা এক সমীক্ষাত ৫০ হাজাৰৰ পৰা ১ লাখ জনবসতিপূৰ্ণ নগৰৰ শাখাত উত্তৰ পূৱৰ ভিতৰতে তেজপুৰে শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ স্থান লাভ কৰে ৷উল্লেখ্য যে ,নতুন দিল্লীৰ বিজ্ঞান ভৱনত শনিবাৰে বঁটা বিতৰণ অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ উপস্থিতিত তেজপুৰ পৌৰসভাৰ বিষয়ববীয়াসকলক এই বঁটা প্ৰদান কৰা হয় ।
- Log in to post comments
- 12 views