স্মাৰ্ট পুলিচিঙত দেশৰ ভিতৰত তৃতীয় স্থানত অসম আৰক্ষী: অসম আৰক্ষীৰ এই কৃতিত্বত সামাজিক মাধ্যমত একাংশৰ প্ৰশ্ন

A

নিউজ ডেস্ক:

অসম আৰক্ষীলৈ ভাল খবৰ। 'স্মাৰ্ট পুলিচিঙ'ৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থান লাভ।ইণ্ডিয়ান পুলিচ ফাউণ্ডেশ্যনে চলোৱা সমীক্ষাত এই তথ্য প্ৰকাশ।'স্মাৰ্ট পুলিচিং' ক্ষেত্ৰত মুঠ ১০পইণ্টৰ ভিতৰত ৭.৮৯পইণ্ট লাভ অসম আৰক্ষীৰ।উল্লেখ্য যে ৮.১১ আৰু ৮.১০ পইণ্ট লাভ কৰি শীৰ্ষত প্ৰথম আৰু দ্বিতীয়ত আছে ক্ৰমে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা।

অসম আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ফাউণ্ডেশ্যনে বহুকেইটা শিতানত স্মাৰ্ট পুলিচিঙ'ৰ সমীক্ষা চলাইছিল।প্ৰায়বোৰ শিতানতে তৃতীয় স্থান লাভ কৰিছিল অসম আৰক্ষীয়ে।আইআইটি কানপুৰ, টাটা ইনষ্টিটিউট অৱ চচিয়েল চাইন্স-মুম্বাইকে ধৰি বহুকেইখন আগশাৰীৰ প্ৰতিষ্ঠানৰ বিশেষজ্ঞ সমীক্ষাত জড়িত থকা বুলি কয়।
স্মাৰ্ট পুলিচিঙত দেশৰ ভিতৰতে তৃতীয় স্থান লাভ কৰা অসম আৰক্ষীৰ বিষয়া-কৰ্মচাৰীক শুভেচ্ছা জনায় অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

আনহাতে, অসম আৰক্ষীৰ এই কৃতিত্ব লাভৰ পাছতে একাংশই বিভিন্ন সামাজিক মাধ্যমত প্ৰশ্ন তুলিছে।স্মাৰ্ট পুলিচিঙত দেশৰ ভিতৰতে তৃতীয় কিদৰে হ'ল অসম আৰক্ষী।৫বছৰে অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালক বিচাৰি নাপালে অসম আৰক্ষীয়ে, মৃদুপৱন বৰুৱাৰ দৰে কুখ্যাত অভিযুক্তক আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে, নৈশ সান্ধ্য আইন ভংগ কৰি জন্ম দিনৰ আয়োজন কৰাৰ পংকজ সাধনীদাৰ আৰু তাজ ভিভাণ্টাৰ বিৰুদ্ধে ব্যৱস্থা লব নোৱাৰা অসম আৰক্ষী কিদৰে স্মাৰ্ট পুলিচিং হ'ল বুলিও একাংশই প্ৰশ্ন কৰিছে।

Your Comments