নিউজ ডেস্ক:
ৰাজ্যৰ বিশিষ্ট প্ৰকাশক তথা লেখক গিৰিপদ দেৱ চৌধুৰীৰ মৃত্যুত আজি পানবজাৰৰ লগতে সমগ্ৰ অসমত বন্ধ থাকিল গ্ৰন্থ বিপনী৷ক'ৰনাত আক্ৰান্ত হৈ শুকুৰবাৰে শেষনিশ্বাস ত্যাগ কৰে পানবজাৰৰ 'মামা' ৰূপে খ্যাত বিশিষ্ট প্রকাশক তথা লেখক গৰাকীয়ে।
সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাৰ প্ৰাক্তন সভাপতি আছিল চৌধুৰী ।শনিবাৰে সন্থাই পানবজাৰত অভিভাৱক গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শেষ শ্ৰদ্ধাঞ্জলি জনায়।
অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ আছিল চৌধুৰী।তেওঁ আগশাৰীৰ বাণী প্ৰকাশন গোষ্ঠীৰ প্ৰতিষ্ঠাপক স্বত্বা ধিকাৰীও আছিল।২০০১-২০১১ চনলৈ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷
অভিভাৱক সদৃশ চৌধুৰীৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে ২২ নবেম্বৰত পানবজাৰৰ প্ৰতিখন গ্ৰন্থ বিপনীৰ সন্মুখত তেওঁক শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰিব।
- Log in to post comments
- 21 views