নিউজ ডেস্ক:
কৃষকৰ প্ৰতিবাদত অৱশেষত কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিবলৈ বাধ্য হ'ল তিনি বিতৰ্কিত কৃষি আইন।ইফালে ,কৃষি আইন বাতিলৰ ঘোষণাৰ পাছতেই কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সংবামেলৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ,''যদিও ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আইন বাতিলৰ কথা ঘোষণা কৰিছে তথাপিও সংসদত আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলি থাকিব।আগন্তুক উত্তৰ প্ৰদেশ, পঞ্জাৱ আদি ৰাজ্যত হবলগীয়া নিৰ্বাচনৰ বাবে বিজেপি চৰকাৰে আইন বাতিল কৰিছে ।"
তেওঁ লগতে কয় যে ,এই বাতিল কৃষক ৰাইজৰ জয় । নূন্যতম মূল্যৰ প্ৰসংগতো চৰকাৰৰ লগত কথা পাতিব লগা আছে ।লগতে অসমৰ ৰাইজক পুনৰ কা' আন্দোলনত ভাগ লবলৈ আহ্বান জনায় কৃষক নেতা গৰাকীয়ে ।
- Log in to post comments
- 7 views