নিউজ ডেস্ক:
ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ৮দফীয়া দাবীৰ সমৰ্থনত আজি ঘেৰাও কৰে উপাচাৰ্যক।কটনিয়ান জাগৰণ মঞ্চৰ উদ্যোগত উপাচাৰ্য কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰীসকলে অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰে।কাৰ্যালয়ৰ ভিতৰত থকা উপাচাৰ্যক শিক্ষাৰ্থীৰ বিভিন্ন দাবী ৰাজহুৱাকৈ শুনিবলৈ প্ৰতিবাদৰ জৰিয়তে দাবী জনায় ছাত্ৰ-ছাত্ৰীসকলে।অন্যথা প্ৰতিবাদ চলাই যোৱাৰ হুংকাৰ প্ৰদান ছাত্ৰ- ছাত্ৰীৰ।তীব্ৰ প্ৰতিবাদৰ ফলশ্ৰুতিত কাৰ্যালয়ৰ ভিতৰত থকা উপাচাৰ্য বাধ্য হয় শিক্ষাৰ্থীৰ মাজলৈ ওলাই আহিবলৈ।উল্লেখ্য যে 'ছাত্ৰ-ছাত্ৰীৰ অভিযোগ- উপাচাৰ্যই একনায়কত্ব শাসন চলাইছে শিক্ষানুষ্ঠানখনত।ছাত্ৰ-ছাত্ৰী তথা বিশ্ববিদ্যালয়ৰ অন্য কৰ্মচাৰীৰ অভাৱ-অভিযোগক কোনো গুৰুত্ব নিদিয়ে'।বিশ্ববিদ্যালয়ত শ্রেণীকক্ষৰ অভাৱ অভিযোগ বুজিবলৈ উপাচাৰ্যয়ে পৰিদৰ্শন নকৰে শ্রেণীকোঠা এই গুৰুতৰ অভিযোগ ছাত্ৰসমাজৰ।মাৰ্চ মাহতে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ডিচেম্বৰত ওলায় ।পৰীক্ষা নিয়ন্ত্ৰণ বিভাগক সংস্কাৰ কৰা,পৰীক্ষাৰ ফলাফল শীঘ্ৰে ঘোষণাৰ দাবী ছাত্ৰ-ছাত্ৰীৰ।অফলাইন ক্লাছ আৰম্ভৰ এমাহৰ পাছতো হোষ্টেল বন্ধ কৰি থোৱা আৰু হোষ্টেলসমূহত বহিবলৈ চকী মেজৰ অভাৱ।কৰ্তৃপক্ষই কেৱল তলা লগাবলৈ হোষ্টেললৈ যায়।
আনহাতে, সকলো স্বাভাৱিক হোৱাৰ পাছতো কি ৰাজনৈতিক অভিসন্ধিৰ কাৰণে বর্তমানো অনলাইন ক্লাছৰ নামত ছাত্ৰ-ছাত্ৰীক হাৰাশাস্তি কৰি থকা বুলিও প্ৰশ্ন কৰে কৰ্তৃপক্ষক।ছমাহত সম্পূৰ্ন হ'ব লগা চেমিষ্টাৰ পাঠ্যক্ৰম তিনিমাহতে সম্পূৰ্ণ কৰি পৰীক্ষা অনুষ্ঠিত কৰা প্ৰক্ৰিয়াৰো বিৰোধিতা কৰে শিক্ষাৰ্থীসকলে।শিক্ষাৰ্থীয়ে প্ৰতিবাদৰ অন্তত ৮ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ উপাচাৰ্য্য আৰু পঞ্জীয়কৰ হাতত অৰ্পণ কৰে।
- Log in to post comments
- 13 views