নিউজ ডেস্ক:
আয়বৰ্হিভূত সম্পত্তি আহৰণ কৰাৰ গুৰুতৰ অপৰাধত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাত গ্ৰেপ্তাৰিত ডি আই জি ৰৌনক আলি হাজৰিকা পুনৰ জামিন নাকচ।বুধবাৰে নিলম্বিত আৰক্ষী বিষয়া গৰাকী জামিন নাকচ কৰে আদালতে।
ইফালে আজি কেন্দ্ৰীয় কাৰাগাৰত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাৰ এটা দলে জেৰা কৰিব হাজৰিকাক ।এই কথা বুধবাৰে সংবাদমাধ্যমক অৱগত কৰে চিএম ভিজিলেন্সৰ এছপি ৰ'জী কলিতাই।
উল্লেখ্য যে আৰক্ষী বিষয়া ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে অনিল চন্দ্ৰ তালুকদাৰ আৰু পত্নী কণিকা তালুকদাৰৰ 164 ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে আদালতত।২০০২চনত অনিল চন্দ্ৰ তালুকদাৰৰ পত্নীৰ নামত থকা ঘৰ মাটি বিক্ৰী কৰা অভিযোগ হাজৰিকাৰ বিৰুদ্ধে।
ইফালে হেঙেৰাবাৰীৰ ঘৰ-মাটি পত্নীৰ নামত ক্ৰয় কৰিছিল ৰৌনক আলি হাজৰিকাই।সেই সময়ত ঘৰ মাটিৰ চৰকাৰী মূল্য ১৯ লাখ টকা।১৬ লাখ ৩২ হাজাৰ টকা নগদ আদায় দিয়া বিপৰীতে ২ লাখ ৬৮ হাজাৰ টকা চেকযোগে প্ৰদান কৰিছিল যদিও পৰবৰ্তী সময়ত উক্ত চেক বাউঞ্চ হৈছিল।বাউঞ্চ হোৱা চেকৰ ধন বিচাৰি গলেই তালুকদাৰ দম্পত্তিক ভয়-ভাবুকি প্ৰদান কৰিছিল হাজৰিকাই।যাৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাষ চাপিছে পৰিয়ালটো ।
- Log in to post comments
- 7 views