বিশেষ মেট্ৰিকৰ ফলাফল ঘোষণা, উৰ্ত্তীণ ১৩,৪২১জন পৰীক্ষাৰ্থী

A

নিউজ ডেস্ক:

চলিত বৰ্ষত বিশেষ মূল্যাংকন পদ্ধতিত ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত যি সকল পৰীক্ষাৰ্থী সন্তুষ্ট নাছিল বা উৰ্ত্তীণ হোৱা নাছিল সেই সকলৰ বাবে ছেৱাই অনুষ্ঠিত কৰা বিশেষ পৰীক্ষাৰ ফলাফল ঘোষণা।আজি দিনৰ ১১বজাত ফলাফল ঘোষণা কৰে ছেৱাই।উল্লেখ্য যে পৰীক্ষাত অৱৰ্তীন হৈছিল মুঠ ১৮৮৭৮জন পৰীক্ষাৰ্থী।তাৰে ৮২৬৯জন ছাত্ৰৰ বিপৰীতে ১০৬০৯গৰাকী ছাত্ৰী।ইফালে উৰ্ত্তীণ হৈছে মুঠ ১৩৪২১ জন পৰীক্ষাৰ্থী।ছাত্ৰ ৫৯৩৫জন, ৭৪৮৬গৰাকী ছাত্ৰী।

ইফালে মেট্ৰিক পৰীক্ষাত অনুৰ্ত্তীণ পুনৰ ৫৪৫৭জন পৰীক্ষাৰ্থী।ছাত্ৰ ২৩৩৪জন, ছাত্ৰী ৩১২৩গৰাকী।

উল্লেখ্য যে বিশেষ মেট্ৰিকত ২৬৬ গৰাকীয়ে বেটাৰমেণ্ট দিছিল।ছাত্ৰ ১৪২জন, ছাত্ৰী ১২৪জন।উৰ্ত্তীণ হৈছে সকলো।

ইফালে কম্পাৰটমেন্টেল ১৮৬১২ ছাত্ৰ-ছাত্ৰী অৱৰ্তীন।ছাত্ৰ ৮১২৭ জন ,ছাত্ৰী ১০৪৮৫গৰাকী।মুঠ উৰ্ত্তীণ ১৩১৫৫জন।৫৭৮৩জন ছাত্ৰ আৰু ৭৩৬২ গৰাকী ছাত্ৰী উৰ্ত্তীণ হৈছে পৰীক্ষাত।একেদৰে অনুৰ্ত্তীণ হৈছে ২৩৩৪ জন ছাত্ৰ আৰু ৩১২৩গৰাকী ছাত্ৰী।

গুৰুত্বপূৰ্ণ বিশেষ পৰীক্ষাত বহা নাছিল ৩৩৮২জন পৰীক্ষাৰ্থী।

কমপাৰ্টমেন্টেলত ২৫গৰাকীয়ে ষ্টাৰ মাৰ্ক, ৩২৪গৰাকী প্ৰথম বিভাগ, ৪০০৬গৰাকী দ্বিতীয়, ৮৮০০গৰাকী তৃতীয় বিভাগত উৰ্ত্তীণ  হৈছে ।

Your Comments