লোহিয়া গ্ৰুপৰ বিৰুদ্ধে আয়কৰ বিভাগৰ 200 জনীয়া দলৰ অভিযান

A



নিউজ ডেস্ক:
বৃহৎ পৰিমাণৰ কৰ ফাঁকি দি বিত্তীয় লেনদেন কৰাৰ অভিযোগৰ ভিত্তিত বিতৰ্কিত ব্যৱসায়ী লোহিয়া গ্ৰুপ তথা টপচেম চিমেণ্ট কোম্পানীৰ স্বত্বাধিকাৰী কৈলাশ লোহিয়াৰ আঠগাওঁস্হিত বাসভবনৰ লগতে কাৰ্যালয়তো আয়কৰ বিভাগৰ ২০০ জনীয়া এটা বৃহৎ দলে চলালে অভিযান ৷
উল্লেখ্য যে ,আয়কৰ বিভাগে কৈলাশ লোহিয়াৰ চিমেণ্ট কোম্পানীৰ কাৰ্যালয়তো অভিযান চলায় । দিল্লী, মুম্বাই আৰু হায়দৰাবাদত থকা কৈলাশ লোহিয়াৰ কাৰ্যালয় আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানবোৰতো আয়কৰ বিভাগৰ দলে অভিযান চলায় বুলি জানিব পৰা গৈছে । আয়কৰ বিভাগে প্ৰকাশ কৰা তথ্য মতে, কৈলাশ লোহিয়াই ভুৱা ফাৰ্মৰ নামত অনিয়মেৰে বিত্তীয় লেনদেন কৰি বৃহৎ পৰিমাণৰ আয়কৰ ফাঁকি দিয়াৰ তথ্যৰ ভিত্তিত আয়কৰ বিভাগে কৈলাশ লোহিয়াৰ বিৰুদ্ধে অভিযান চলাইছে । অভিযানকাৰী দলে গুৱাহাটীত থকা কৈলাশ লোহিয়াৰ কেইবাটাও কাৰ্যালয় আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গাণনিক বিষয়া আৰু শাখা প্ৰৱন্ধকক জেৰা কৰিছে । বৰ্তমানলৈ আয়কৰ বিভাগে কৈলাশ লোহিয়াক জেৰা কৰা নাই যদিও কৈলাশ লোহিয়া শীঘ্ৰে আয়কৰ বিভাগৰ জেৰাৰ সম্মুখীন হ'ব বুলি আয়কৰ বিভাগৰ সূত্ৰত প্ৰকাশ কৰিছে ।

Your Comments