নিউজ ডেস্ক:
নলবাৰী জিলাৰ বৰভাগত আজিৰে পৰা চাৰিদিনীয়াকৈ এখন আকৰ্ষনীয় গ্ৰন্থমেলা শুভাৰম্ভনি কৰে৷জিলাখনৰ অন্যতম বেচৰকাৰী সংস্থা সন্ধানৰ উদ্যোগত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ নলবাৰী আৰু বৰভাগ মহাবিদ্যালয়ৰ সহযোগত আয়োজিত গ্ৰন্থমেলাখন অনুষ্ঠিত হয় স্থানীয় বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত৷মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্য্য সোঁৱৰণি গ্ৰন্থমেলা ক্ষেত্ৰ নামৰে নামকৰণ কৰা গ্ৰন্থমেলা উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক ড°অৱনী কুমাৰ ভাগৱতীয়ে৷মেলা উন্মোচনৰ পিচতে অনুষ্ঠিত উদ্বোধনী সভাত ড°ভাগৱতীকে ধৰি কেইবাজনো বিশিষ্ট লোকে বক্তব্য দিয়ে৷ইয়াৰ আগতে পূৱাৰ ভাগত পতাকা উত্তোলন,শ্বহীদ তৰ্পণ আদি কাৰ্য্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভনি কৰে৷
- Log in to post comments
- 8 views