নিউজ ডেস্ক:
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ বাবে কামৰূপ(ম) জিলা উপায়ুক্তৰ কাৰ্যালয়ত যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পৰ্যালোচনা বৈঠক।
অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কামৰূপ চেম্বাৰছ অফ কমাৰ্চ, পামহিৰ শাক-পাচলি পাইকাৰী ব্যৱসায়ী সন্থা, ফিছফেদ অসম, আলু-পিয়াজৰ পাইকাৰী ব্যৱসায়ী সন্থা, কণী ব্যৱসায়ী সন্থা প্ৰতিনিধিৰে মিলিত বৈঠকৰ অন্তত দাসৰ ঘোষণা- 'মন গলেই শাক- পাচলি, আলু পিয়াজৰ দাম বৃদ্ধি কৰিব নোৱাৰিব খুচুৰা ব্যৱসায়ীয়ে ।অসাধু-খুচুৰা ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰিলেই প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।অধিক দাম নিয়ন্ত্ৰণ কৰা বাবে যোগান বিভাগ কঠোৰ হ'ব বুলিও তেওঁ লগতে কয়।
অসাধু-খুচুৰা ব্যৱসায়ীক নিয়ন্ত্ৰণৰ বাবে যোগান বিভাগে টাক্স ফৰ্চ গঠন কৰিব বুলিও মন্ত্ৰী দাসে ঘোষণা কৰে।বজাৰে বজাৰে টাক্স ফৰ্চৰ দলে চলাব অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান।সামগ্ৰীৰ মূল্যৰ পাৰ্থক্য বজাৰে বজাৰে নিৰীক্ষণ কৰিব যোগান বিভাগৰ টাক্স ফৰ্চ টিমে।
ইফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম শীঘ্ৰে হ্ৰাস পাব বুলি আশ্বাস প্ৰদান কৰি মন্ত্ৰী দাসে কয়-মচুৰ দাইল বা মগু দাইল, আলু মূল্য সমগ্ৰ দেশত প্ৰায় একেই।১টকা মানৰ তাৰতম্য। আলু বৰ্তমান ২০টকা মূল্যত খুচুৰা দোকানত বিক্ৰী হৈ থকা বিপৰীতে বগা পিয়াজ ২০-২৮টকা আৰু ৰঙা পিয়াঁজ ৪০টকা মূল্যত বিক্ৰী হৈছে আছে পাইকাৰী ব্যৱসায়ীৰ পৰা।কিন্তু দুৰ্ভাগ্যজনক ভাৱে এই পিয়াঁজ খুচুৰা ব্যৱসায়ীয়ে অধিক মূল্যত বিক্ৰী কৰি আছে। ৪০-৭৫ লৈ বৃদ্ধি কৰি থৈছে ৰঙা পিয়াঁজৰ মূল্য আনহাতে বগা পিয়াঁজৰ মূল্য ৪০টকালৈ বৃদ্ধি কৰিছে।
কামৰূপ মহানগৰ জিলাত আজি এনফৰ্চমেন্ট টিম গঠনৰ নিৰ্দেশ মন্ত্ৰীৰ।ব্যৱসায়ীক সতৰ্ক কৰি মন্ত্ৰী স্পষ্ট ঘোষণা- পাইকাৰী মূল্যতকৈ খুচুৰা ব্যৱসায়ীয়ে ৫-৬ টকালৈহে মূল্য বুদ্ধি কৰিব পাৰিব।আগন্তুক দুই-এদিনৰ ভিতৰতে টাক্স ফৰ্চ গঠন হ'ব বুলি আজি বৈঠকৰ অন্তত জানিব দিয়ে দাসে।ইফালে বজাৰে বজাৰে পাচলিৰ মূল্য নিৰ্ধাৰণ কৰা দফলক আৰি দিয়া লগতে, এটা এ'প মুকলি কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে।
মিঠাতেলৰ দাম বৃদ্ধি সন্দৰ্ভত মন্ত্ৰী দাসে কয়-সৰিয়হৰ খেতি অসমত অধিক কৰিলেহে মূল্য হ্ৰাস পাব।মধ্যভোগীয়ে দাম নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা আগন্তুক দিনত নাথাকিব বুলিও লগতে তেওঁ কয়।
- Log in to post comments
- 9 views