নিউজ ডেস্ক,:
অসম মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমান্তৰ সমস্যা সমাধান হবলৈ আগবাঢ়িছে। আজি দিনৰ ১০ বজাত অসম মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমান্তৰ সমস্যা সমাধানৰ বাবে লাম্পীত উপস্থিত হৈছে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী – হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা।
জানিব পৰা মতে অসম মেঘালয়ৰ সীমান্ত লাম্পীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া প্ৰথমটো ভ্ৰমন।ইতিমধ্যে মুখ্যমন্ত্ৰী দুগৰাকীৰ ভ্ৰমনৰ সময়ত কোনো অশান্তিকৰ পৰিস্থিতি নহবলৈ লাম্পীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী।
- Log in to post comments
- 9 views