জলবায়ু পৰিবৰ্তন, গ্লাছগো সন্মিলন আৰু বিশ্ব সম্প্ৰদায়ৰ উদ্বিগ্নতা

A

B
গংগোত্ৰী কাশ্যপঃ
 প্রাকৃতিক কাৰণত জলবায়ুৰ স্বাভাবিকভাবেই কিছু পৰিবর্তন হৈ থাকে  । কিন্তু বৰ্তমান সময়ত যি হাৰত  তাপমাত্রা বাঢ়িছে তাৰ বাবে কিন্তু আমাৰ মানুহৰ  কর্মকাণ্ডই প্রধানত জগৰীয়া।

বায়ুমণ্ডলৰ অন্যতম এটি গ্রীন হাউচ গেছ, কার্বন ডাই-অক্সাইডৰ পৰিমাণ উনবিংশ শতিকাৰ তুলনাত বৰ্তমানে ৫০ শতাংশ বৃদ্ধি পাইছে ।
মূলতঃ বনাঞ্চল ব্যাপক হাৰত ধ্বংসৰ কাৰণেই যে বায়ুমণ্ডলত গ্রীনহাউচ গেছৰ নির্গমন বাঢ়িছে সেয়া নিশ্চিত। গছগছনিয়ে কার্বন ধৰি ৰাখে। গছগছনি  যেতিয়াই কটা হয় তেতিয়া সঞ্চিত সেই কার্বন বায়ুমণ্ডলত নিঃসৰিত হয়।

এই সম্পৰ্কত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানীসকলে ইতিমধ্যেই শংকা প্ৰকাশ কৰি বিশ্ব সম্প্ৰদায়ক ইয়াৰ বিৰুদ্ধে একত্ৰিত হবলৈ আহ্বান জনাই আহিছে। বিজ্ঞানী মহলে ইতিমধ্যেই ঘোষণা কৰিছে যে, গ্ৰীণ হাউচ গেছৰ নিৰ্গমন সোনকালে প্ৰতিৰোধ কৰিব নোৱাৰিলে বিপজ্জনক হৈ পৰিব প্রকৃতি, পৰিবেশ তথা  মানুহৰ  জীবন। 

উল্লেখযোগ্য যে জলবায়ুৰ এই পৰিণতি নোহোৱা কৰাৰ আন কোনো উপায় নাই, চলিত শতিকাৰ শেষৰ ফালে  বিশ্বৰ তাপমাত্রা তিনি ডিগ্রি চেলচিয়াচ বাঢ়ি যাব। ফলত ইয়াৰ  প্রভাব  বিশ্বৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ হ'ব। যেনে-
ব্রিটেইনত বৃষ্টিপাতৰ মাত্রা প্রচণ্ডভাবে বৃদ্ধি পাব ।সাগৰৰ উচ্চতা বৃদ্ধি হৈ প্রশান্ত মহাসাগৰ অঞ্চলৰ বহুতো দ্বীপ বা দ্বীপৰাষ্ট্র বিলীন হৈ যাব ।
আফ্রিকাৰ বহুতো দেশত খৰাঙৰ  প্রকোপ বৃদ্ধি পোৱাৰ পৰিণতিতে খাদ্য সংকটে দেখা দিব । ঠিক তেনেদৰে অষ্ট্ৰেলিয়াত অতিৰিক্ত গৰম পৰিব ।

বিশ্ব বায়ুমণ্ডলৰ তাপমাত্রা দ্রুতগতিত বৃদ্ধি পোৱাৰ কথা প্ৰকাশ কৰি ইতিমধ্যেই ৰাষ্ট্ৰসংঘই কৈছে যে ," ইয়াৰ বাবে নিঃসন্দেহে মানুহৰ কর্মকাণ্ডই দায়ী ।"
জলবায়ুৰ পৰিবর্তন সংক্রান্তীয় আইপিচিচিৰ  এক গুৰুত্বপূর্ণ ৰিপোর্ট মতে ,'পৃথিবীৰ বিভিন্ন প্রান্তত বিগত সময়চোৱাত যি প্ৰচণ্ড তাপপ্রবাহ, প্রবল বৃষ্টিপাত, খৰাং বা চাইক্লোন দেখা পোৱা গৈছে তাতেই জলবায়ুৰ পৰিবর্তন স্পষ্ট ৰূপত ফুটি উঠিছে।
শিল্পযুগৰ আগেয়ে  পৃথিবীপৃষ্ঠৰ গড় তাপমাত্রা যিমান  আছিল, অহা ২০৩০ চনৰ ভিতৰত সেই তাপমাত্রা ১.৫ ডিগ্রী বৃদ্ধি পাব বুলিও বিজ্ঞানীসকলে শংকা প্ৰকাশ কৰিছে ।
 সংক্ষেপে কবলৈ গলে- সাগৰ-পৃষ্ঠৰ তাপমাত্রা বাঢ়িছে, বৰফ গলিছে দ্রুতহাৰত,আৰু ইয়াৰ প্রভাব পৰিছে সমগ্ৰ বিশ্বৰ প্রাণীজগতৰ ওপৰত।
"ব্লু-প্লেনেট অৰ্থাৎ (পৃথিবী) এতিয়া মহা-সঙ্কটত। কিন্তু ইয়াৰ বাবে দায়ী কোন? আমিয়েই নহয় জানো!"মানুহৰ নানা কর্মকাণ্ডৰ ফলতে পৰিবেশত  তাপ মাত্ৰা বৃদ্ধি পাইছে তাৰ লগতে গলিছে এন্টার্কটিকাৰ বৰফ। ২০০৭ চনৰ পৰা ২০১৬ চনৰ ভিতৰত এন্টার্কটিকাৰ বৰফ  তাৰ আগৰ ১০ বছৰৰ তুলনাত ৩ গুণ গলিছে। চলিত বৰ্ষৰ ৩১ অক্টোবৰৰ পৰা   স্কটলেণ্ডৰ গ্লাচগো চহৰত অনুষ্ঠিত হোৱা  জলবায়ু সন্মিলনত বিশ্বৰ বিভিন্ন নেতাসকল এই সম্পৰ্কত চিন্তা চৰ্চা কৰাৰ বাবে একত্ৰিত হৈছে । অহা ১২নবেম্বৰ পর্যন্ত চলিব  এই সম্মিলন । 
এই সম্মিলনত জলবায়ু পৰিবর্তনৰ মোকাবিলাৰ নানা দিশৰ বিষয়ে আলোচনা কৰা হৈছে ।২০৩০ চনৰ ভিতৰত  কাৰ্বন নিঃসৰণৰ মাত্ৰা কিদৰে কমাব পৰা যাব তাৰ চিন্তা চৰ্চাও কৰা হৈছে ।
সন্মিলনত ব্রিটিচ  প্রধানমন্ত্রী বৰিচ জনচনে  কৈছে যে ,' এতিয়াই যদি  সঠিক পদক্ষেপ লোৱা নহয়  ইয়াৰ চিকাৰ  হ'ব  আমাৰ ভবিষ্যৎ প্রজন্ম ।
স্কটলেণ্ডৰ গ্লাচগো চহৰত হোৱা দুই সপ্তাহজোৰা  এই সম্মিলনত বিশ্বৰ বিভিন্ন দেশৰ ২৫ হাজাৰতকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছ ।
এই  সম্মিলনখনত বৈদ্যুতিক গাড়ীৰ ব্যৱহাৰ বৃদ্ধি, কয়লা ভিত্তিক বিদ্যুৎ কেন্দ্র বাতিল কৰা, যিমান  সম্ভব কম গছ কটা আদি বিষয়সমূহ  পুংখানুপুংখ ভাবে আলোচনা কৰি ঘোষণা পত্ৰ প্ৰস্তুত কৰা হৈছে ।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়েও এই সন্মিলনত অংশগ্ৰহণ কৰি নিজ বক্তব্য দাঙি ধৰি কয় যে ---
জলবায়ু পৰিবর্তনৰ আঁচোৰ  ভাৰততো পৰিছে । দেশৰ বিভিন্ন প্রান্ত এতিয়া বানত জর্জৰিত। ভয়াবহ অবস্থা হিমালয়তো ।
 প্ৰধানমন্ত্ৰী মোদীয়ে কোৱা মতে  ২০৩০ চনৰ ভিতৰত  বিকল্প শক্তিৰ উৎপাদনৰ উৎস নিজেই  তৈয়াৰ  কৰিব  ভাৰতে। আৰু২০৭০ চনৰ ভিতৰত  ভাৰত সম্পূর্ণ কার্বন নিঃসৰণ মুক্ত দেশত  পৰিণত হ'ব। 
এই সন্মিলনত উপস্থিত পৰিবেশবিদসকলৰ বহুতেই মোদীৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ২০৭০ চনৰ  যি লক্ষ্যমাত্রাৰ কথা মোডীয়ে স্থিৰ কৰিছে সেয়া কোনোপধ্যেই বাস্তবসম্মত নহয়। বৰঞ্চ তাৰ আগতে কার্বন ফুটপ্রিন্ট কমোৱাৰহে দৰকাৰ আছে বুলিও তেওঁলোকে মত প্ৰকাশ কৰে।

Your Comments