অসমীয়া চিনেমা নোচোৱা সীমান্ত শেখৰে ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষ হ'ল, সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া

A

নিউজ ডেস্ক:

বুধবাৰে কণ্ঠশিল্পী সীমান্ত শেখৰক ৰাজ্য চৰকাৰে ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষৰ গুৰু দায়িত্ব প্ৰদানৰ পাছতেই সামাজিক মাধ্যমত আৰম্ভ ব্যাপক প্ৰতিক্ৰিয়া।কিয়নো কিছুদিনৰ পূৰ্বে এটা সাক্ষাৎকাৰত বিজেপি নেতা কণ্ঠশিল্পী সীমান্তই  অসমীয়া চিনেমাৰ নোচোৱা বুলি মন্তৱ্য প্ৰকাশ কৰিছিল।অসমীয়া চিনেমা নোচোৱা এগৰাকী লোকে কিদৰে ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষৰ দৰে গুৰু দায়িত্ব সুচাৰুৰূপে পালন কৰিব তাৰ লৈ প্ৰশ্ন উত্থাপন কৰিছে একাংশই। অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ নেতৃত্বত কিমানদূৰ আগবাঢ়ি যাব ৰাজ্যিক চলচ্চিত্ৰ ক্ষেত্ৰখন তাকো একাংশই সামাজিক মাধ্যমত প্ৰশ্ন কৰিছে।

গুৰুত্বপূৰ্ণ কথা এই যে  পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষৰ দায়িত্বত আছিল।

Your Comments