কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে পেট্ৰ'লত ১২টকা, ডিজেলত ১৭টকা আজিৰ পৰা হ্ৰাস কৰিলে

A

নিউজ ডেস্ক:

দীপাৱলীৰ শুভক্ষণতদেশবাসীলৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যবাসীৰ বাবে হিমন্ত চৰকাৰৰ সামান্য সকাহ। নূন্যতম কৰ প্ৰত্যাহাৰ পেট্ৰ'ল- ডিজেলত।কেন্দ্ৰীয় চৰকাৰে প্ৰতি লিটাৰ পেট্ৰ'লত ৫টকা, ডিজেলত ১০টকাকৈ প্ৰত্যাহাৰ কৰিছে কৰ।

আনহাতে,  হিমন্ত চৰকাৰেও প্ৰতিলিটাৰ পেট্ৰ'ল-ডিজেলত ৭ টকাকৈ হ্ৰাস কৰিছে কৰ।উল্লেখ্য যে দেশত পেট্ৰ'ল-ডিজেলৰ মূল্যই ইতিমধ্যে শতকৰ ঘৰ অতিক্ৰম কৰিছিল।

ইফালে আজি ৰাজ্যত কেন্দ্ৰ-ৰাজ্য কৰ হ্ৰাস পোৱাত পেট্ৰ'লত ১২টকা ,ডিজেলত ১৭টকাকৈ হ্ৰাস পাইছে মূল্য।
  
পেট্ৰ'ল-ডিজেলৰ মূল্য আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ ফলতেই দেশত বৃদ্ধি হোৱা বুলি কৈ থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে  বৰ্তমান নিজাকৈ দাম হ্ৰাস কৰাত একাংশই সামাজিক মাধ্যমত প্ৰশ্ন কৰিছে এতিয়া কিদৰে হ্ৰাস কৰিব পাৰিছে পেট্ৰ'ল-ডিজেলৰ মূল্য?

Your Comments