ৰাজ্য কপোঁৱা মৰিগাঁৱৰ কিডনী বিক্ৰী ঘটনাৰ মূল নায়ক প্লাৱন বৰঠাকুৰক আজি মৰিগাঁও আদালতত হাজিৰ

A

নিউজ ডেস্ক:
 ৰাজ্য কপোঁৱা মৰিগাঁও জিলা দক্ষিণ ধৰমতুলৰ কিডনী বিক্ৰী ঘটনাৰ অন্যতম মূল নায়ক প্লাৱন বৰঠাকুৰক আজি মৰিগাঁও আদালতত হাজিৰ কৰাই মৰিগাঁও আৰক্ষীয়ে। আদালতে পিছত কিডনী বিক্ৰীৰ ঘটনাৰ মূল নায়ক প্লাৱন বৰঠাকুৰক ছয় দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। বৰ্তমানলৈ মৰিগাঁও আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই যদিও আৰক্ষীয়ে কিডনী বিক্ৰীৰ ঘটনাৰ লগত জড়িত বহু গুৰুত্ব পূৰ্ণ তথ্য উদ্ধাৰ কৰা সম্ভাৱনা আছে। উল্লেখ্য যে সামান্য ধনৰ বিনিময়ত দুখীয়া দৰিদ্ৰ লোকসকলক বিভিন্ন প্ৰলোভনৰে কিডনী বিক্ৰী কৰিবলৈ উৎসাহিত কৰি ৰাজ্যৰ বহু লোকক অকাল মৃত্যুলৈ ঠেলি দিছিল। ৰাজ্য খনত এক প্ৰভাৱশালী চক্ৰৰ প্ৰৰোচনাত চলি থকা এই বৃহৎ কিডনী বজাৰ খনৰ লগত বহু লোক জড়িত থকাটো বিভিন্ন মহলে সন্দেহ প্ৰকাশ কৰিছে। ৰাজ্য খনত অতি কৌশলেৰে চলি থকা এই কিডনী বিক্ৰী ঘটনাটো যোৱা ১০ জুলাইত মৰিগাঁও জিলাৰ দক্ষিণ ধৰমতুলত পোহৰলৈ অহা পিছতেই সমগ্ৰ ৰাজ্যতে এক প্ৰকাৰে হাহাকাৰ সৃষ্টি হয়। প্ৰথম অৱস্থাত এই কিডনী বিক্ৰী ঘটনাটো কেৱল মৰিগাঁও জিলাতে চলি থকা বুলি ধাৰণা কৰা হৈছিল যদিও পিছত সমগ্ৰ ৰাজ্যতে অতি কৌশল পূৰ্ণ ভাবে এই কিডনী বজাৰ চলি থকা তথ্য পোহৰলৈ আহে। পিছত মৰিগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখি ঘটনাৰ মূল নায়ক প্লাৱন বৰঠাকুৰক কালি তামিলনাডুৰ এক বিশেষ স্থানত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা অতি কৌশলেৰে মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আজি মৰিগাঁও আদালতত আৰক্ষীয়ে হাজিৰ কৰা পিছত আৰক্ষীয়ে আদালতৰ অনুমতি সাপেক্ষে ছয় দিনৰ বাবে নিজৰ জিম্মাত লয়। কিডনী বিক্ৰীৰ ঘটনাৰ মূল নায়ক প্লাৱন বৰঠাকুৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাক মৰিগাঁৱৰ  ধৰমতুলবাসীৰ লগতে বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে সন্তুষ্টি প্ৰকাশ কৰিছে। এই ঘটনাৰ লগত জড়িত ব্যক্তি সকল শীঘ্ৰেই ৰাইজৰ সন্মুখলৈ আহিব বুলিও আশা ব্যক্ত কৰিছে বিভিন্ন জনে।

 

Your Comments