নিউজ ডেস্ক:
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, ৰাজনীতিবিদ তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী আব্দুল মহিব মজুমদাৰৰ শেষ নিশ্বাস ত্যাগ।গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত বুধবাৰে পুৱা দেহাৱসান ঘটে মন্ত্ৰী গৰাকীৰ।হাইলাকান্দি সমষ্টিৰ পৰা বিধানসভালৈ ৪বাৰ কৈ বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল মজুমদাৰ।১৯৮৩চনত প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত অন্তিমবাৰ নিৰ্বাচিত হৈছিল ২০১১চনত।
উল্লেখ্য যে বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা মজুমদাৰৰ বয়স আছিল ৯০বছৰ।
- Log in to post comments
- 9 views