দিপাৱলীত ৰাজ্যত সংঘটিত অগ্নিদগ্ধ ঘটনা কিমান আৰু কিয় হয়! বাৰ্ন কেয়াৰ ফাউণ্ডেশ্যনে প্ৰকাশ কৰিলে এই কথা

A

নিউজ ডেস্ক:

পোহৰৰ উৎসৱ দিপাৱলীত ৰাজ্যত প্ৰতিবছৰে সংঘটিত হয় অগ্নিদগ্ধ ঘটনা।কিদৰে অগ্নিদগ্ধ ঘটনা হ্ৰাস কৰিব পাৰি তাৰ সজাগতা বৃদ্ধিৰে সোমবাৰে নেমকেয়াৰ হাস্পতালৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেচনে আয়োজন কৰে সজাগতামূলক সংবাদমেল।অগ্নিদগ্ধ দুৰ্ঘটনাবোৰৰ ভিতৰত ১০-১২ভাগ দুৰ্ঘটনা সংঘটিত হয় দিপাৱলীত।

নেমকেয়াৰ হাস্পতালত আয়োজন কৰা সংবাদমেলত বাৰ্ণ কেয়াৰ  ফাউণ্ডেশ্যনে প্ৰদান কৰা তথ্য অনুসৰি-কম বয়সীয়া পুৰুষসকল মহিলাতকৈ বেছিকৈ অগ্নিদগ্ধ হয়।কলগছ-ফুলজাৰীৰ পৰা বেছিলোক অগ্নিদগ্ধ হয় ।২০১০ পৰা ২০২০ চনলৈ  দিপাৱলীৰ সময়ত অগ্নিদগ্ধ হৈছে মুঠ ৪৭১গৰাকী। তাৰ ভিতৰত পুৰুষ ৩৫৩ গৰাকী আৰু মহিলা ১১৮গৰাকী।উল্লেখ্য  যে ৩৪২গৰাকী কলগছ ফুটাবলৈ গৈ অগ্নিদগ্ধ হোৱাৰ বিপৰীতে ফটকাত ৮২ গৰাকী চাকিত ১৫গৰাকী আৰু চকৰি বা ফুলজাৰিত ৩২গৰাকী অগ্নিদগ্ধ হোৱা বুলি সংবাদমেলত বাৰ্ণ কেয়াৰ ফাউণ্ডেশন সম্পাদক ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই প্ৰকাশ কৰে।


দীপাৱলীৰ আতচবাজীৰ বাবে জুয়ে পোৰা দুৰ্ঘটনা হোৱাৰ উপৰিও  বায়ু আৰু শব্দ প্ৰদূষণ হয়।এই প্ৰদূষণে বায়ু প্ৰদূষণক অধিক কৰি তোলে।ফলত মানুহৰ হাওঁফাওঁৰ কেন্সাৰ , হাপানী , হৃদপিণ্ডৰ ৰোগ , স্নায়ু ৰোগৰ দৰে মাৰাত্মক বেমাৰ হয়।কলগছৰ ব্যৱহাৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে গ্ৰীণ ক্ৰেকাৰচ ব্যৱহাৰৰ  আহ্বান জনায় তেওঁ।

Air quality index 50 ৰ তলত থাকিব লাগে।কিন্তু মহানগৰীত দিৱালীৰ সময়ত index ৩০০ৰো ওপৰলৈ গুচি যায়।একেদৰে শব্দ পৰিমাণ ২৪-৫০ডেচিবেল ভিতৰত থাকিব লাগে কিন্তু সেইয়াও বৃদ্ধি পায়।

ইফালে 'আৰ্ত সেৱা' নামেৰে ন্যাসো স্থাপন কৰে বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ। দৰিদ্ৰ ৰোগীক আৰ্থিক সকাহ দিয়া লক্ষ্যৰে এই ন্যাস স্থাপন।

আনহাতে, সংবাদমেলত বাৰ্ণকেয়াৰ ফাউণ্ডেচনৰ সভাপতি  ডা:হিতেশ বৰুৱাই পোহৰৰ উৎসৱক পোহৰেৰে পালন কৰিবলৈ আহ্বান জনায় ৰাজ্যবাসীক।

Your Comments