নিউজ ডেস্ক:
কলিয়াবৰত সোমবাৰে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷
কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সন্থাৰ চাহ বিষয়ক কৰ্মশালাখনিত ভাৰতীয় চাহ বৰ্ডৰ অধ্যক্ষ প্ৰভাত কমল বেজবৰুৱা, কাৰ্য্যবাহী সঞ্চালক অনুৰীতা ফুকন যাদৱ, ভাৰতীয় চাহ বৰ্ড উ: পূ: ৰমেনলাল বৈশ্য, অসম চৰকাৰৰ চাহ বৰ্ডৰ সঞ্চালক, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি-সম্পাদক তথা বিষয়-ববীয়া উপস্থিত থাকে।
উল্লেখ্য যে, চাহ কল স্থাপন, চাহ সঞ্চালকালয়ৰ আঁচনি সম্পৰ্কত, বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ আৰু সাহায্য সম্পৰ্কত ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা চাহৰ বজাৰ সম্পৰ্কে আজিৰ সভাত আলোচনা কৰা হয়।
উল্লেখ্য যে ,স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ অসম চৰকাৰৰ তৰফৰ পৰা ক্ষুদ্ধ চাহ খেতিয়কৰ সামগ্ৰীক উন্নয়নত অসম চৰকাৰে গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰাত আশ্বাস প্ৰদান কৰে।
- Log in to post comments
- 37 views