নিউজ ডেস্ক:
কামৰূপ(ম) জিলাৰ খচৰা ভোটাৰ তালিকা সোমবাৰে প্ৰকাশ।২০২২ চনৰ জানুৱাৰীলৈ সামৰি কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰে।উপায়ুক্ত কাৰ্যালয়ৰ সভা গৃহত সংবাদমেল সম্বোধনৰ জৰিয়তে খচৰা ভোটাৰ তালিকা প্ৰকাশৰ কথা ৰাজহুৱা কৰে।
উল্লেখ্য যে জালুকবাৰী, পশ্চিম গুৱাহাটী, পূব গুৱাহাটী আৰু দিছপুৰ সমষ্টিক সামৰি প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাত ওজৰ-আপত্তি থাকিলে পহিলা নৱেম্বৰৰ পৰা ৩০নৱেম্বৰৰ ভিতৰত দাখিল কৰিব লাগিব।বিআইঅ জৰিয়তে ওজৰ-আপত্তি কৰিব পাৰিব।তাৰ ভিত্তিত চূড়ান্ত ভোটাৰ তালিকা ২০২২চনৰ ৫জানুৱাৰীত প্ৰকাশ পাব- পেগুৱে সংবাদমেল খনত কয়।
খচৰা ভোটাৰ তালিকাৰ মুঠ ভোটাৰ ১১লাখ ৫২হাজাৰ ৩১৭গৰাকী ।তাৰে ৫লাখ ৬৯হাজাৰ ১৩৬জন পুৰুষ, ৫লাখ ৮৩হাজাৰ ১৩৯ গৰাকী মহিলা আৰু ৪২গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে জিলাখনত।উল্লেখ্য যে পূৰ্বৰ ভোটাৰ তালিকাৰ পৰা ৩০১জন পুৰুষ,২জন তৃতীয়লিংগ ভোটাৰৰ নাম কৰ্তন কৰা বিপৰীতে ১৩৩গৰাকী নতুন মহিলা ভোটাৰ অন্তৰ্ভুক্ত হৈছে খচৰাত।
উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰা মতে-খচৰা ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পাছতো নতুন ভোটাৰ নামভৰ্তিৰ বাবে আবেদন চলি থাকিব।অন্য ভোট কেন্দ্ৰত নাম থকা ভোটাৰক নতুন খচৰা খনত নাম কৰ্তন কৰাৰ লগতে যি সকল ভোটাৰে ফটো দিয়া নাই সেইসকলৰ নামো কৰ্তন হৈছে।
উল্লেখ্য যে জিলাখনত মুঠ ভোট কেন্দ্ৰৰ ১২০৪টা।
- Log in to post comments
- 15 views