কামৰূপ(ম) বিদ্যালয়ত ক'ৰনা, দিপাৱলী আৰু ৰাজকন্যা তাজ ভিভাণ্টা কাণ্ড সন্দৰ্ভত উপায়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা পঢ়ক

A

নিউজ ডেস্ক:


ক'ৰনাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বন্ধ হৈছে ইখনৰ পাছত আনখন বিদ্যালয়।যোৱা সপ্তাহত কামৰূপ (ম) জিলাত ২খন শিক্ষানুষ্ঠান বন্ধ হোৱাৰ পিছত সোমবাৰে ক'ৰনা আক্রান্ত ধৰা পৰিছে গীতানগৰ গুৰুকুল গ্ৰামাৰ চেকেণ্ডাৰী স্কুলত।এই কথা অৱগত কৰিছে কামৰূপ মহানগৰ জিলা উপায়ুক্তই।ক'ৰনাত আক্রান্ত ধৰা পৰা বিদ্যালয় খনৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা লোৱা হ'ব বুলি সোমবাৰে এক সংবাদমেলত উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয়।

উল্লেখ্য  যে ক'ৰনাত আক্রান্ত ধৰা পৰাৰ পাছত ইতিমধ্যে পাঠদান বন্ধ হৈ আছে জিলাখনৰ গাড়ীগাঁও বালিকা বিদ্যাপীঠ, কামাখ্যা উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৰুক্মিণী গাঁও আনন্দ একাডেমী।

উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰা মতে জিলাখনত দৈনিক আক্রান্তৰ হাৰ বৰ্তমানো এশৰ ওপৰত।তেনে ক্ষেত্ৰত মাক্স পৰিধানত কঠোৰ হ'ব প্ৰশাসন।

আনহাতে, আগন্তক দিপাৱলী উদযাপনৰ ক্ষেত্ৰত জিলাখনত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ পূৰ্বৰ নিয়ম বৰ্তমান বাহাল থাকিব বুলি কয় পেগুৱে।ফটকা-আটছবাজী বিক্ৰী অনুমতি ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে দিয়া হ'ব।

ইফালে ৰাজ্য তোলপাৰ লগোৱা ৰাজকন্যা কাণ্ডত সান্ধ্য আইন ভংগ কৰি পাৰ্টী আয়োজন কৰা তাজ ভিভান্তা সন্দৰ্ভত দুই-এদিনৰ ভিতৰত সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ কৰে পেগুৱে।

Your Comments