নিউজ ডেস্ক:
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ নামত সংঘটিত কেলেংকাৰীৰ ন ন তথ্য পোহৰলৈ আহিছে। উল্লেখ্য যে ,দৰিদ্ৰ কৃষকক ৪মাহৰ মূৰে মূৰে ২০০০টকাকৈ প্ৰদান কৰা আচঁনিখনৰ নামত ৰাজ্যখনত সংঘটিত হৈছিল ব্যাপক কেলেংকাৰী।ৰাজ্যত ৯লাখ ৩৯হাজাৰ ১৪৬গৰাকী কৃষকৰ নামত হোৱা জালিয়াতিৰ তথ্য পোহৰলৈ অহাৰ পাছত ভুৱা কৃষকক ধন ঘূৰাই দিবলৈ নিৰ্দেশ দিয়া হৈছে যদিও এই পৰ্যন্ত মাত্ৰ ১৭লক্ষাধিক টকাহে উভতাই দিয়া হৈছে।গুৰুত্ব পূৰ্ণ কথা এই যে ,৫০০ৰো অধিক কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ নামত।
জানিব পৰা মতে ,ৰাজ্যৰ প্ৰতিখন জিলাতেই এই ধৰণৰ অনিয়ম সংঘটিত কৰিছিল কৃষি বিভাগে। এজন কৃষকে দুটা একাউন্টৰ জৰিয়তে হিতাধিকাৰী ধন লৈছিল যদিও কৃষি বিভাগে এইবোৰ ঘটনাৰ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা। ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশৰ পাছতহে বৰ্তমান হিতাধিকাৰী কৃষকসকলক চিনাক্ত কৰি নতুন তালিকা প্ৰস্তুত কৰি থকা হৈছে।
- Log in to post comments
- 15 views